Book Release : ড॰ মুকুল চক্ৰৱৰ্তীৰ বক্তৃতা বিষয়ক হাত পুথি ‘ভাষণ কলা’ উন্মোচন

উন্মোচক সংবাদ মহীৰূহ কনকসেন ডেকা

Book Release :

আজি অগ্ৰদূত ভৱনৰ প্ৰেক্ষাগৃহত বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক ড॰ মুকুল চক্ৰৱৰ্তীৰ দ্বাৰা ৰচিত ‘ভাষণ কলা’ শিৰোনামৰ বক্তৃতা বিষয়ক হাত পুথিখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সংবাদ মহীৰূহ, ঔপন্যাসিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকাই ৷

স্নাতকোত্তৰ বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা বক্তৃতা বিষয়ক গ্ৰন্থখন স্কুলীয়া তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন অনুষ্ঠানৰ মঞ্চত বক্তৃতা দিয়াৰ কলা আয়ত্ত কৰিব পাৰিব অন্যান্য পঢ়ুৱৈ সমাজেও ৷

উইনষ্টন চাৰ্চিল, হিটলাৰ, নেপোলিয়ন হীল, ডেল কাৰ্নেগীৰ লগতে অসমৰো সাহিত্যিক-ৰাজনৈতিক নেতা গৌৰীশংকৰ ভট্টাচাৰ্যৰ উদাহৰণেৰে উন্মোচক কনকসেন ডেকাই অসমীয়া ভাষাত এনে এখন গ্ৰন্থৰ অভাৱৰ কথা ব্যক্ত কৰি লেখক ড॰ মুকুল চক্ৰৱৰ্তীৰ শলাগ লয় ৷

‘‘ইংৰাজী বা অন্য ভাষাত এনেধৰণৰ বহু কিতাপ আছে ৷ অসমীয়া ভাষাত আজিলৈকে এনে গ্ৰন্থ দেখা নাই ৷ লেখা এটা যেনেদৰে মাধ্যম, তেনেদৰে বক্তৃতা দিয়াটোও এটা মাধ্যম ।

উইনষ্টন চাৰ্চিলো এগৰাকী ভাল বক্তা আছিল ৷ দ্বিতীয় মহাসমৰৰ সময়ত জাৰ্মানীৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ তেওঁৰ বক্তৃতাই ইংৰাজসকলক মনোবল যোগাইছিল ৷”

তেওঁ লগতে কয়, “হিটলাৰ এজন সাধাৰণ ব্যক্তি আছিল, মিস্ত্ৰীৰ যোগালি হৈও নেতৃত্ব বহন কৰি সবল বক্তৃতাৰে দ্বিতীয় মহাসমৰত আগ্ৰাসী ভূমিকা ল’ব পাৰিছিল ৷

সুভাষ চন্দ্ৰ বসু, আমাৰ গৌৰীশংকৰ ভট্টাচাৰ্য আদিও ভাল বক্তা আছিল ৷ তেওঁলোকেও পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছিল ৷”

এই কিতাপখন উন্মোচন কৰিবলৈ পাই মই অতিশয় আনন্দিত ৷ গ্ৰন্থখনৰ পৰিসৰ বিস্তৃত কৰাৰ আশা কৰিলো বুলিও উন্মোচক ডেকাই কয় ৷

উল্লেখ্য যে বিশাল প্ৰকাশনৰ স্বত্বাধিকাৰ ব্ৰজেন্দ্ৰ নাথ ডেকায়ো এনে গ্ৰন্থৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই আনন্দিত হোৱাৰ কথা ব্যক্ত কৰে ৷

Exit mobile version