Diabetes : নহৰুৱে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত ব্ৰক্ষ্মাস্ত্ৰৰ দৰে কাম কৰে নেকি ? জানিবলৈ পঢ়ক

download 2 1

Diabetes :

ডায়েবেটিচ এটা ঘাতক ৰোগ । এই ৰোগৰ কোনো প্ৰতিষেধক নাই । কিছুমান আয়ুৰ্বেদিক তথা ঘৰুৱা পদ্ধতিৰে এই ৰোগৰ পৰা বাচি থকাৰ উপায় আছে । এজন ডায়েবেটিচ ৰোগীয়ে খুব সাৱধানে খাদ্যতালিকা প্ৰস্তুত কৰিব লাগে ।

কোনো কোনোৱে বিশ্বাস কৰে যে ,নহৰুৱে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে । ডায়েবেটিচ ৰোগীয়ে নহৰু খোৱা উচিত নে ?

নহৰুত কাৰ্বহাইড্ৰেট , ফেট , প্ৰোটিন, ভিটামিন ও মিনাৰেল , ভিটামিন বি ১ , ভিটামিন বি ২ , ভিটামিন বি ৩ , ভিটামিন বি ৫ ,ভিটামিন বি ৬ ,ভিটামিন বি ৯ , ভিটামিন চি ,কেলচিয়াম ,আয়ৰণ , মেগনেচিয়াম , মেংগানিজ,ফচফৰাচ ,পটাচিয়াম আদি সকলো পুষ্টিৰ গুণ আছে । ইয়াৰ সমান্তৰালকৈ শক্তিশালী এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগাৰেলৰ বৈশিষ্ট্য আছে ।

ইয়াত থকা ‘এলিচিন ‘ নামৰ এই চমৎকাৰ চালফাৰৰ যৌগৰ কাৰণে নহৰুৰ পৰা তীব্ৰ গোন্ধ নিৰ্গত হয় ।  গৱেষণাত এই কথা প্ৰকাশ পাইছে যে ,নহৰুৱে কেৱল তেজত শৰ্কৰাৰ মাত্ৰাই নিয়ন্ত্ৰণ নকৰে ,সমান্তৰালকৈ নহৰুৱে টাইপ ২ ডায়েবেটিচ প্ৰতিৰোধ কৰাতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ।

যিহেতু নহৰুত জিংক তথা প্ৰাকৃতিক এন্টিঅক্সিডেন্টে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে নহৰুত থকা কাৰ্বহাইড্ৰেটে তাৎক্ষণিক বিপাক সম্ভৱ কৰে । অৰ্থাৎ নহৰুৱে এই সকলো নিয়ন্ত্ৰণ ত সহায় কৰে । উল্লেখ্য যে, এমিনো হোমেচিষ্টাইন নামৰ এই যৌগই হৈছে ডায়েবেটিচৰ অন্য প্ৰধান কাৰণ । দীৰ্ঘদিন নহৰু খালে শৰীৰত এই যৌগ কমি যায় ।

Exit mobile version