Gautam Adani : ধনাঢ্য তালিকাত অচিৰে মাস্কক অতিক্ৰম কৰিব আদানীয়ে

gautam adani elon musk wealth difference 94242652

Gautam Adani :

বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত সম্প্রতি তৃতীয় স্থানত থকা ভাৰতীয় উদ্যোগপতি তথা আদানী গোষ্ঠীৰ মুৰব্বী গৌতম আদানীয়ে এই তালিকাত অচিৰে দ্বিতীয় স্থান দখল কৰাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

বর্তমানে ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত আছে টেছলা আৰু স্পেচএক্সৰ স্বত্ত্বাধিকাৰী এলন মাস্ক। ব্লুমবর্গ বিলিয়নেৰ্ছ ইনডেক্সৰ তথ্য অনুসৰি আদানীৰ সম্পত্তিৰ পৰিমাণ এবছৰত ৫৭.৫ শতাংশ বৃদ্ধিৰে ১০ লাখ কোটি টকা হ’ল।

একে সময়ছোৱাত মাস্কৰ সম্পত্তি ৪৯.৩ শতাংশ হ্ৰাসৰে ১১.৩৪ লাখ কোটি টকালৈ হ্রাস পালে। অর্থাৎ মাস্ক আৰু আদানীৰ মুঠ সম্পত্তিৰ মাজত বৰ্তমানে মাত্র ১.৩৪ লাখ কোটি টকাৰ ব্যৱধান আছে।

বৰ্তমানৰ হাৰত মাস্কৰ সম্পত্তি হ্ৰাস আৰু আদানীৰ সম্পত্তি বৃদ্ধিৰ গতি অব্যাহত থাকিলে অচিৰে ধনাঢ্য ব্যক্তিৰ তালিকাত মাস্কক অতিক্ৰম কৰি দ্বিতীয় স্থান আদানীয়ে দখল কৰাৰ সম্ভাৱনা আছে।

Exit mobile version