Love Story : অমৰ প্ৰেম ; মূৰ্ত্তি সাজি জীয়াই ৰাখিলে পত্নীক

WhatsApp Image 2023 01 04 at 18.03.20

Love Story :

অবিশ্বাস্য লাগিলেও সত্য যে , এজন স্বামীয়ে মৃত্যুৰ পাছতো জীয়াই ৰাখিছে পত্নীক । কলকাতাৰ এইজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে মৃত্যু হোৱা পত্নীক জীয়াই ৰাখিবলৈ তাজমহল নিৰ্মাণ কৰিব নোৱাৰিলেও কিন্তু এটা জীৱন্ত মূৰ্ত্তি সাজি অমৰ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে ।

কলকাতাৰ কৈখালীৰ ৬৫ বৰ্ষীয় অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী তাপস সান্দিল্যই দুবছৰ পূৰ্বে হেৰুওৱা পত্নীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ প্ৰায় দুই লাখ পাঁচ হাজাৰ টকা ব্যয়ৰে সাজি উলিয়াইছে এটা ছিলিকনৰ প্ৰতিমূৰ্তি

বিগত সময়ত পত্নীৰ লগত কটোৱাৰ দৰে এতিয়াও সান্দিল্যই চুলি ফনিয়াই ,কাপোৰ পিন্ধাই সময় পাৰ কৰিছে পত্নীৰ লগত । উল্লেখ্য যে, জীৱিত কালত যিখন চোফাত পত্নীয়ে প্ৰায়ে বহিছিল , সেইখন চোফাতে বহুৱাই ৰাখিছে মূৰ্ত্তিটো ।

নিজৰ স্মৃতি ৰোমন্থন কৰি সান্দিল্যই পত্নীয়ে ভালপোৱা সোণৰ গহনা আৰু পুত্ৰৰ বিয়াত পিন্ধা পাট-মূগাৰ সাজ পৰিধান কৰোৱাই একেলগে বহি সময় পাৰ কৰিছে ।

প্ৰাপ্ত তথ্য মতে , জীৱিত কালত পতি-পত্নীয়ে এবাৰ এটা মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে এটা ছিলিকনৰ মূৰ্ত্তি দেখি ,মৃত্যুৰ পাছত নিজৰো তেনে এটা মূৰ্ত্তি নিৰ্মাণ কৰাৰ ইচ্ছা থকাৰ কথা ব্যক্ত কৰিছিল ।

সেই অনুসৰি সান্দিল্যই পত্নী ইন্দ্ৰানীৰ এই প্ৰতিমূৰ্তি সাজি শেষ আশা পূৰণ কৰিছে । দুৰ্ভাগ্যজনক কথা যে , ক’ভিডৰ দ্বিতীয় ঢৌত পত্নী ইন্দ্ৰানীয়ে আকস্মিকভাবে মৃত্যুক সাৱটি লৈছিল ।

অৱশেষত পত্নীৰ শেষ ইচ্ছা পূৰণ কৰি ইন্দ্ৰানীৰ এই প্ৰতিমূৰ্তি সাজি সান্দিল্যই নিজৰ প্ৰেমৰ পৰিচয় দিয়াই নহয় , সমগ্র দেশতে তেওঁ চৰ্চাৰ বিষয় হৈ পৰিছে ।

Exit mobile version