Paltanbazar Police : পল্টনবজাৰ আৰক্ষীৰ জালত দুই কুখ্যাত অপৰাধী

ড্ৰাগছ সহ পুতলা পিষ্টল জব্দ

ba098dc4 1946 4c17 b951 5f6906eb747d

Paltanbazar Police :

মহানগৰীত সোণৰ চেইন চুৰি ঘটনাৰে জড়িত থকা দুই কুখ্যাত অপৰাধী অৱশেষত পল্টনবজাৰ আৰক্ষীৰ জালত ৷ পল্টনবজাৰ আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পমখেদি উলুবাৰীৰ লাচিত নগৰৰ দুই নং বাইলেনত অৰ্তকিতে অভিযান চলাই দুই অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

অপৰাধী দুটা হ’ল ৰাজীৱ আলী আৰু চফিকুল আলী৷ আৰক্ষীয়ে সদৰি কৰা মতে,ধৃত দুই অপৰাধী ড্ৰাগছ আসক্ত ৷ আনকি মহানগৰীত শেহতীয়াকৈ সংঘটিত হোৱা চেইন চুৰি ঘটনাৰ স’তে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ধৃত চুৰ দুটাৰ পৰা পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছ আৰু পুতলা পিষ্টল ৷

Exit mobile version