Three Drug Paddler Arrested : মহানগৰীৰ ঘোড়ামৰাত ৪০ লাখ টকাৰ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক আটক

dab4f815 cd99 465e a2e2 4621aab1ec2d

Three Drug Paddler Arrested :

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া সৰবৰাহ ৷ শেহতীয়াকৈ উত্তৰ- পূৰ্বাঞ্চল ড্ৰাগছ সৰবৰাহৰ অন্যতম কৰিডৰ হৈ পৰিছে গুৱাহাটী ৷

আৰক্ষীয়ে সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ মাজতে যোৱা নিশা মহানগৰ আৰক্ষীয়ে ঘোঁৰামৰাত অৰ্তকিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় চল্লিশ লাখ টকাৰ ড্ৰাগছ ৷

মধ্য আৰক্ষী জিলাৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত কল্যাণ পাঠকৰ নেতৃত্বত যোৱা আৰক্ষী দল এটাই অভিযান চলাই ঘোঁৰামৰাৰ সুৰুজমূখী পথৰ হাউচ নম্বৰ ৩১ এ ৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক আটক কৰে ।

ধৃত সৰবৰাহকাৰীকেইটা হ’ল দীপাংকৰ ৰয় (পথাৰকান্দী), মিলটন চক্ৰৱৰ্তী (শ্বিলং) আৰু অভি দাস(গুৱাহাটী)। উল্লেখ্য যে , ধৃত মিলটন চক্ৰৱৰ্তীক ইয়াৰ পূৰ্বেও আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত জামিন পায় কাৰাগাৰৰ পৰা মুকলি হৈ ওলাই আহিছিল ৷

Exit mobile version