Tripura : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত

দুৰ্বৃত্তৰ দ্বাৰা অগ্নি সংযোগ দুৰ্বৃত্তৰ

1652d3fc 2f5d 4bb1 8f5d cabf416a0677

Tripura :

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ বিপ্লৱ দেৱৰ বাসগৃহত দুৰ্বৃত্তৰ ধ্বংস লীলা । নিজ পিতৃ হিৰুধন দেৱৰ বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি চলাই থকাৰ মাজতে যোৱা নিশা অৰ্তকিতে দুৰ্বৃত্তৰ দল এটাই বাসগৃহত অগ্নিসংযোগ কৰে৷

আনকি দুৰ্বৃত্তৰ দলটোৱে পিতৃৰ আদ্যশ্ৰাদ্ধৰ বৌদিক কামৰ বাবে নিয়োজিত হোৱা পুৰোহিত সকলকো শাৰিৰীকভাৱে প্ৰহাৰ কৰে ৷ আন অভ্যথনাৰ বাবে উপস্থিত থকা আন সকল পলায়ন কৰে ৷

আনহাতে সশস্ত্ৰ দুৰ্বৃত্তৰ দলটোৱে বিপ্লৱদেৱৰ বাসগৃহত অগ্নিসংযোগ কৰিও ক্ষান্ত নাথাকি সমীপৱৰ্তী কে’বাখনো দোকান – পোহাৰ লণ্ড- ভণ্ড কৰে ৷

একেদৰে উত্তেজিত দুৰ্বৃত্তৰ দলটোৱে বিপ্লৱদেৱৰ বাসগৃহ চৌহদত থকা দলীয় পতাকা আৰু বাহনতো অগ্নিসংযোগ কৰে। ইতিমধ্যে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰী মানিক সাহাই ঘটনাৰ তীব্ৰ গৰিহণা দি তদন্ত ঘোষণা কৰাৰ লগতে ঘটনাৰ স’তে জড়িত থকা অপৰাধীক তৎকালেই কৰায়ত্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে দুৰ্বৃত্তৰ তাণ্ডৱলীলা অব্যাহত থকাৰ সময়ত বিপ্লৱদেৱ পৌতিক গৃহত পৰিয়ালৰ কোনোলোক উপস্থিত নাছিল ৷ আনহাতে শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিয়ে এই ঘটনাৰ স’তে চি পি আই এম সমৰ্থিত লোক জড়িত থকাৰ অভিযোগ উদ্থাপন কৰিছে ৷

একেদৰে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা পুৰোহিতৰ ভাষ্য অনুসৰি দুৰ্বৃত্ত সকল চিপি এমৰ কৰ্মী ৷তেওঁলোকে দলীয় সমৰ্থনত শ্ল’গানো দিছিল ঘটনাস্থলীত ৷

Exit mobile version