Virat-Anuska : নতুন বছৰত বৃন্দাবনত উপস্থিত ‘বিৰুষ্কা ‘ দম্পত্তী

WhatsApp Image 2023 01 04 at 19.04.46

Virat-Anuska :

নতুন বছৰত আশীষ বিচাৰি দেশৰ অন্যতম ধৰ্মস্থান বৃন্দাবনত উপস্থিত ‘বিৰুষ্কা ‘ দম্পত্তী । আজি এই তাৰকা দম্পত্তী হাল হঠাৎ বৃন্দাবনত উপস্থিত হৈ কে’বাখনো আশ্ৰম পৰিদৰ্শন কৰে ।

প্ৰাপ্ত তথ্য মতে, আজি পুৱা ভাগতে ধৰ্মীয় গুৰু নিম কাৰোলি বাবাৰ আশ্ৰমত দেখা গ’ল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কেপ্তেইন বিৰাট কোহলী আৰু পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মাক ।

কাৰোলি বাবাৰ আৰ্শীবাদ লৈ এই তাৰকা দম্পত্তীয়ে নতুন বছৰৰ আৰম্ভ কৰিলে । উল্লেখ্য যে , দম্পত্তীহালৰ এই আগমণৰ কথা কোনো সংবাদ মাধ্যমে গম পোৱা নাছিল ।

বিৰাট-অনুষ্কা সেই আশ্ৰমত এঘন্টা সময় অতিবাহিত কৰে । ইয়াৰ পাছতে পোনে পোনেই আনন্দময়ী আশ্ৰমলৈ যাত্ৰা কৰে দম্পত্তীহালে । দুপৰীয়া বৃন্দাবনত উপস্থিত হোৱাৰ কথা আছিল দুয়ো ।

কিন্তু পুৱাৰ ভাগতে দুয়ো যান আশ্ৰমতহে উপস্থিত হোৱা দেখা যায় । পূৰ্বে মথুৰালৈ আহোতে থকা বিলাসবহুল হোটেলতে এইবাৰো থকাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে নতুন বৰ্ষৰ পহিলা দিনটোত দুই তাৰকা দম্পত্তী ডুবাইত উপস্থিত আছিল । ইতিমধ্যে ডুবাইৰ নতুন বৰ্ষ উদযাপন কৰা বিভিন্ন ফটো দুয়ো ছ’চিয়েল মিডিয়াৰ যোগে অনুৰাগীলৈ চেয়াৰ কৰিছে ।

সম্প্ৰতি অনুষ্কা ” চাকদেহ এক্সপ্ৰেচ ” ছবিৰ চুটিং সমাপ্ত কৰিছে ।

Exit mobile version