Bangladesh Weather : শীতত কঁপিছে ঢাকা

তাপমাত্ৰা কমিছে দুই ডিগ্ৰী চেলছিয়াচ

WhatsApp Image 2023 01 05 at 18.47.42

Bangladesh Weather :

প্ৰচণ্ড শীতৰ কৱলত পৰিছে সমগ্ৰ বাংলাদেশ । ৰাজধানী চহৰ ঢাকাও বাদ পৰা নাই শীতৰ পৰা । ঢাকা সহ দেশখনৰ বিভিন্ন অঞ্চল এতিয়া শীতৰ কোলাত ।

প্ৰাপ্ত তথ্য মতে , বুধবাৰ আৰু বৃহস্পতিবাৰ এই দুয়োটা দিনত ঢাকাৰ তাপমাত্ৰা দুই ডিগ্ৰী চেলছিয়াচলৈ অৱনমিত হৈছে । একেদৰে কক্সবজাৰৰ ট্ৰেকনাফত সৰ্বনিম্ন তাপমাত্ৰা ন ডিগ্ৰী চেলছিয়াচলৈ অহা পৰিলক্ষিত হৈছে ।

ইফালে বৃহস্পতিবাৰ তথা আজি ৰাজধানী সহ বাংলাদেশৰ বেছিভাগ অঞ্চলত ঘন কুৱলীয়ে ছানি ধৰা দেখা গৈছিল । দুপৰীয়া ভাগত দুই -এক অঞ্চলত কুৱলীৰ বৰষুণ পৰা দেখা গৈছে ।

আনকি শুকুৰবাৰৰ লৈকে সমগ্ৰ অঞ্চল ঘন কুৱলীয়ে আৱৰি থকাৰ সম্ভাৱনা থাকিব বুলি বাংলাদেশৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে ।

সমান্তৰালকৈ ৰাজশাহী ,পাবনা , দিনাজপুৰ, পঞ্চগড়, নীলফামাৰী ,যশোৰ, চূয়াডাঙ্গা আৰু কুশিয়াৰা অঞ্চলৰ ওপৰেদি শীতপ্ৰবাহ অহাৰ সম্ভাৱনা আছে ।

এই শীতপ্ৰবাহ কে’বাদিন ধৰি থাকিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে । উল্লেখ্য যে ,দিনৰ ভাগত তাপমাত্ৰা সামান্য বৃদ্ধি পাব যদিও দিন আৰু ৰাতিৰ তাপমাত্ৰাৰ পাৰ্থক্যৰ বাবে বাংলাদেশৰ উত্তৰ – আৰু মধ্যাঞ্চলত তীব্ৰ শীত অনুভূত হ’ব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ।

Exit mobile version