COVID-19 :
জার্মানীত এগৰাকী মহিলা চিকিৎসকক জনসাধাৰণক মাস্ক পৰিধান নকৰিবলৈ পৰামৰ্শ দিয়াৰ অভিযোগত আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰিলে।
ADVERTISEMENT
উক্ত মহিলা চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, ক’ভিড অতিমাৰীৰ সময়ত তেওঁ চাৰি হেজাৰৰো অধিক লোকক মাস্ক পৰিধান নকৰিবলৈ পৰামৰ্শ দিছিল।
এই অপৰাধৰ বাবে মঙলবাৰে আদালতে উক্ত মহিলা চিকিৎসকক দুবছৰ ন মাহৰ কাৰাদণ্ডৰ ৰায় দিলে। এই গোচৰৰ শুনানিত মহিলা চিকিৎসকে আত্মপক্ষ সমর্থন কৰি কৈছিল যে মাস্ক পৰিধান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু সেয়েহে তেওঁ জনসাধাৰণক মাস্ক পৰিধানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিল।
আদালতে মহিলাগৰাকীক তিনি বছৰৰ বাবে চিকিৎসক হিচাপে সেৱা প্ৰদানৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিলে। আদালতে লগতে মহিলা চিকিৎসকক ২৯,৫০০ ডলাৰৰ জৰিমনাও বিহিলে।