Job : চাকৰি বিচাৰি হাবাথুৰি খাইছে নেকি ? খালী আছে এয়াৰপ’ৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়াত ৫৯৬ পদ

aai new

Job :

এয়াৰপৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়াত জুনিয়ৰ এগজিকিউটিভৰ ৫৯৬ খালী পদত অৰ্হতাধাৰী প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। ইচ্ছুক প্রার্থীয়ে aai.aero ৱেবছাইট ভিজিট কৰি অনলাইনযোগে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীয়ে ২১ জানুৱাৰী ২০২৩ ৰ ভিতৰত আবেদনপত্র জমা দিব লাগিব।

জুনিয়ৰ এগজিকিউটিভ পদৰ বাবে আবেদনকাৰীৰ বয়স ২৭ বছৰৰ ভিতৰত হ’ব লাগিব। প্ৰাৰ্থীৰ বয়সৰ গণনা ২১ জানুৱাৰী ২০২৩ৰ আধাৰত কৰা হ’ব।

এই পদত নিযুক্তিৰ বাবে আবেদনকাৰীৰ শৈক্ষিক অর্হতা যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং/টেকন’লজী বিষয়ত চিভিল/ইলেক্ট্রিকেল/ইলেক্ট্রনিক্স আদি বিষয়ত ডিগ্রী থকাৰ লগতে অন্যান্য নিৰ্ধাৰিত অৰ্হতা থাকিব লাগিব।

নির্বাচন প্রক্রিয়া : গেট ২০২০/২০২১/২০২২ত প্রাপ্ত নম্বৰৰ আধাৰত প্ৰাৰ্থীক তালিকাভুক্ত কৰি নথিপত্ৰৰ সত্যাপণৰ বাবে নিমন্ত্ৰণ জনোৱা হ’ব। প্রার্থীয়ে সবিশেষ তথ্য আহৰণৰ বাবে ৱেবছাইট aai.aero ভিজিট কৰিব লাগিব। আবেদন পত্ৰৰ স’তে প্ৰাৰ্থীয়ে ৩০০ টকাৰ আবেদন মাচুল জমা দিব লাগিব।

পদৰ সবিশেষ : জুনিয়ৰ এগজিকিউটিভ (ইঞ্জিনিয়াৰিং-চিভিল)- ৬২ জুনিয়ৰ এগজিকিউটিভ (ইঞ্জিনিয়াৰিং ইলেক্ট্রিকেল)-৮৪ জুনিয়ৰ এগজিকিউটিভ (ইলেক্ট্রনিক্স)-৪৪০ জুনিয়ৰ এগজিকিউটিভ (আৰ্টিটেকচাৰ)-১০ জুনিয়ৰ এগজিকিউটিভ

Exit mobile version