Kaziranga National Park : তিনিমাহত কাজিৰঙা পৰিদৰ্শন কৰিলে ১.৩৬ দেশী-বিদেশী পৰ্যটকৰ

সংগৃহীত ৰাজহৰ পৰিমাণ তিনি কোটি ৪১ লাখ টকা

WhatsApp Image 2023 01 05 at 14.03.20

Kaziranga National Park :

এশিঙিয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত প্ৰকৃতিৰ লাস্যময়ী কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য পৰিদৰ্শন কৰাৰ বাবে প্ৰতিবৰ্ষত দেশ- বিদেশৰ বাবে আহে বহু সহস্ৰাধিক পৰ্যটক ৷

পৰ্যটনৰ বাবে বিশেষভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা কাজিৰঙাত কিছু বছৰ পূৰ্বে বহু গঁড় চোৰাং চিকাৰী বলী হোৱাত উদ্বিগ্ন হৈ পৰিছিল প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটক ৷

কিন্তু শেহতীয়াকৈ বিগত বৰ্ষত এটাও গঁড় নিধন নোহোৱাত সকলোৰে বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ কাজিৰঙাই গঁড় জাকেও যেন সকলোকে হাতবাউলি মানিছে অভয়াৰণ্য খনলৈ ৷

এনে প্ৰেক্ষাপটত বিগত তিনিমাহত অভয়াৰণ্য খনলৈ ৰেকৰ্ড সংখ্যক পৰ্যটকৰ আগমন ঘটিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ নাথ শৰ্মাই সদৰি কৰা মতে ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে অভয়াৰণ্য মুকলি কৰাৰ পাছত যোৱা তিনিমাহত দেশ-বিদেশৰ পৰ্যটক আহিল প্ৰায় এক লাখ ৩৬ হেজাৰ ৷

ইয়াৰে বিদেশী পৰ্যটকৰ সংখ্যা তিনি হেজাৰ ৮০ গৰাকী ৷ সংগৃহীত ৰাজহৰ পৰিমাণ তিনি কোটি ৪১ লাখ তিনি হেজাৰ ৫০০ টকা ৷

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গঁড়ৰ চোৰাং চিকাৰ ৰোধৰ বাবে কঠোৰ স্থিতি লৈ অভয়াৰণ্যখনত নিয়োগ কৰিছিল কে’বাটাও অত্যাধুনিক সশস্ত্ৰ বেটেলিয়ন ৷ তাৰ পাছৰে পৰাই কোনো গঁড় হত্যা হোৱা নাই অভয়াৰণ্যত ৷

Exit mobile version