Maligaon Leopard Recovered : গুৱাহাটীত আাবাসীৰ বাসগৃহত আশ্ৰয় নাহৰফুটুকীৰ !

WhatsApp Image 2023 01 05 at 13.39.12

Maligaon Leopard Recovered :

মহানগৰীৰ জনবহুল মালিগাঁৱত উদ্ধাৰ এটা নাহৰফুটুকীৰ পোৱালি।

ৰে’ল নগৰী মালিগাঁৱৰ কৃষ্ণনগৰত নিশা আশুতোষ পাল নামৰ লোকজনৰ বাসগৃহত আশ্ৰয় লৈ থকা অৱস্থাত স্থানীয় লোকে অতি তৎপৰতাৰে উদ্ধাৰ কৰে নাহৰফুটুকীৰ পোৱালিটো ।

পৰৱৰ্তী সদয়ত গোশালা আৰক্ষী উপস্থিত হৈ নাহৰ পোৱালিটো জিন্মাত লৈ বন বিভাগৰ লোকক চমজাই দিয়ে হয় ৷

উল্লেখ্য যে, মালিগাঁও আৰু ইয়াৰ পাশ্বৰ্ৱতী অঞ্চলত প্ৰায়েই নাহৰফুটুকীৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ এই সম্পৰ্কত বন বিভাগত অৱগত কৰে যদিও কোনো সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ কৰে স্থানীয় আবাসী সকলে ৷

Exit mobile version