Nagaon Women Lodged In Pakistani Jail:পাকিস্তানৰ জেলত বন্দী নগাঁৱৰ মহিলা 

বৈধ নথি পত্ৰ অবিহনেই আফগানিস্তানলৈ যাওঁতে ধৰা পৰে পাকিস্তানত

IMG 20230105 173651

Nagaon Women Lodged In Pakistani Jail :

নগাঁও চহৰৰ বৰবজাৰৰ এগৰাকী স্বামী হাৰা মহিলা পাকিস্তানৰ কুৱেটাৰ জেলত বন্দী হৈ আছে। পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা নগঞা মহিলা গৰাকীৰ নাম ৱাহিদা বেগম ওৰফে মাইনা।
প্ৰাপ্ত তথ্য মতে,,নগাঁৱৰ ডিমৰুগুৰিৰ নৰ্ত্তম বালিভুঁই পানীগাঁৱৰ আৰিফা বেগমৰ কণ্যা ৱাহিদা বেগমৰ বিয়া হৈছিল নগাঁও চহৰৰ বৰবজাৰৰ মোহম্মদ মহচিন খান নামৰ এজন ব্যৱসায়ীৰ লগত।
স্বামীৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সূত্ৰে তেওঁ লাভ কৰিছিল নগাঁও চহৰৰ মাজমজিয়াত এক কোটি ৬০ লাখ টকাৰ সম্পত্তি। অৱশ্যে তেওঁ স্বামীৰ মৃত্যুৰ পিছত চেলিম খান নামৰ অন্য এজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তোলে আৰু দুয়ো বিগত ডেৰ বছৰ ধৰি একেলগেই আছিল। লগত ৱাহিদাৰ এটি পুত্ৰ সন্তান ফাইজ খানো আছিল।
যোৱা এক নৱেম্বৰত তেওঁ নগাঁও চহৰৰ বৰবজাৰৰ মাটি আৰু প্ৰকাণ্ড অট্টালিকা প্ৰসেনজিৎ দত্ত নামৰ এজন ব্যৱসায়ীক বিক্ৰী কৰে । প্ৰসেনজিৎ দত্তই এই সন্দৰ্ভত আজি সাংবাদিকৰ আগত কয়,”ৱাহিদা বেগমে তেওঁৰ সম্পত্তি সমূহৰ ত্ৰিছ লাখ টকাৰ এটা ফ্লেট ইতিমধ্যেই বিক্ৰী কৰি টকা আদায় লৈছে ।
বাকী ধন এক কোটি ২০ লাখ টকাৰ ভিতৰৰ ৬০লাখ টকা যোৱা এক নৱেম্বৰত আদায় লৈছিল । আমি শুনা মতে সেই ধন লৈ তেওঁ চেলিম খানৰ সৈতে আফগানিস্তানলৈ যাওঁতে পাকিস্তানৰ সেনাৰ হাতত ধৰা পৰে নাৱালক পুত্ৰৰ সৈতে। কিয়নো তেওঁ লোকৰ হাতত কোন বৈধ নথি -পত্ৰ নাছিল। যোৱা ২৬  নবেম্বৰৰ পৰাই মহিলা গৰাকী বন্দী হৈ আছে পাকিস্তানৰ জেলত।
আনহাতে মহিলা গৰাকীৰ মাতৃ আজিফা খাতুনে  প্ৰথমে তেওঁৰ জীয়ৰী আৰু নাতিক পাকিস্তানৰ পৰা উদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ২৭নৱেম্বৰত।
কিন্তু কোনো সুফল নোপোৱাত অৱশেষত ন্যায় বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৱাহিদাৰ মাতৃ আজিফা খাতুন।
উল্লেখ্য যে,যোৱা ৩০ নৱেম্বৰত পাকিস্তানৰ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহে ৱাহিদাৰ মাতৃ আজিফা খাতুনলৈ।
জানিব পৰা মতে, তেওঁলৈ ফোনটো পাকিস্তানস্থিত ভাৰতীয় দূতাবাসৰ পৰা আহিছিল। তেতিয়াই তেওঁ জানিব পাৰে যে তেওঁৰ জীয়ৰী আৰু নাতি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ কথা।
ইপিনে, মহিলা গৰাকীৰ অধিবক্তা দিল্লী উচ্চ ন্যায়ালয়ৰ সন্তোষ কুমাৰ সুমনে এই সন্দৰ্ভত  পাকিস্তানস্থিত ভাৰতীয় দূতাৱাসলৈও আইনী জাননী প্ৰেৰণ কৰে ।
Exit mobile version