Pakistan : পাকিস্তানত বিদ্যুৎ সকংট !

বিদ্যুৎ ৰাহি কৰিবলৈ সন্ধিয়াই শ্বপিং মল বন্ধ কৰাৰ নিৰ্দেশ

WhatsApp Image 2023 01 05 at 15.23.41

Pakistan :

সন্ধিয়া হ’লেই বন্ধ কৰি দিবলগীয়া হয় শ্বপিং মল ! নিশাৰ আগতেই বিয়াখন সম্পূৰ্ণ হ’ব লাগে ! আৰু গভীৰ নিশাৰ উদযাপন, সমাৱেশ ? বৰ্তমান পাকিস্তানত সম্পূৰ্ণৰূপে বন্ধ ।

শেহতীয়াকৈ শ্বাহবাজ শ্বৰীফৰ চৰকাৰে দেশৰ ভয়াৱহ বিদ্যুৎ সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ এই নিয়ম কাৰ্যকৰী কৰিছে । বুধবাৰে পাকৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে ঘোষণা কৰে, “এতিয়াৰে পৰা বজাৰ আৰু শ্বপিং মল নিশা ৮.৩০ বজাত বন্ধ হ’ব, ৰেষ্টুৰাঁ আৰু বিবাহ ভৱন নিশা ১০ বজাত বন্ধ হ’ব লাগিব ।”

ভয়াৱহ আৰ্থিক সংকটৰ ফলত বিধ্বস্ত হৈ পৰা পাকিস্তানত ব্যয় হ্ৰাস কৰিবলৈ এই নতুন পদ্ধতি কাৰ্যকৰী হ’ব বুলি দাবী কৰিছে আছিফে । তেওঁ কয়, “যদি আমি এই কাম কৰিব পাৰো তেন্তে আমি ছয় হেজাৰ কোটি টকা ৰাহি কৰিম ।”

শ্বাহবাজ চৰকাৰৰ নতুন নীতি অনুসৰি অহা এমাহৰ বাবে এক ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত ইলেক্ট্ৰিক বাল্বৰ উৎপাদন বন্ধ কৰা হ’ব । ষ্ট্ৰীট লাইটৰ সংখ্যা হ্ৰাস পাব ।

বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ চৰকাৰী ভৱন আৰু কাৰ্যালয়ত লাইটিং আৰু এয়াৰ কণ্ডিচনাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ইয়াৰ উপৰি চলিত সপ্তাহত কেবিনেট বৈঠকত বিদ্যুৎ ৰাহি কৰিবলৈ কৰ্মচাৰীসকলক ‘ঘৰৰ পৰা কাম’ কৰিবলৈ নিৰ্দেশ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

প্ৰসংগক্ৰমে ভয়াৱহ আৰ্থিক সংকটৰ বাবে পাকিস্তানে তাপ শক্তি কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় কয়লা আমদানি কৰাটো সম্ভৱ নহয় । ফলত বিদ্যুৎ ৰাহিৰ এই প্ৰচেষ্টাত চাহিদা পূৰণ কৰাটো অসম্ভৱ ।

Exit mobile version