Union Cabinet Meeting:কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ক উন্নত কৰিবলৈ কেন্দ্ৰৰ ২,৫৩৯ কোটি টকা,সাত লাখক বিনামূলীয়া ডি ডি ডিছ দিয়াৰ পৰিকল্পনা

WhatsApp Image 2023 01 05 at 14.46.28

Union Cabinet Meeting:

মোডী চৰকাৰে বাতৰি আৰু মনোৰঞ্জন চেনেল দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ক অত্যাধুনিক ৰূপ দিবলৈ প্ৰায় ২,৫৩৯ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত কেবিনেট বৈঠকত লোৱা হয় ।

জনসাধাৰণক প্ৰকৃত বাতৰি আৰু মনোৰঞ্জন দিবলৈ ডি ডি সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক বিকাশ আৰু নেটৱৰ্ক বিকাশৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে বিশেষ উদ্যাগ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে বিগত ২০২১-২২ বৰ্ষৰ পৰা আগন্তুক ২০২৫-২৬ বৰ্ষলৈ কেন্দ্ৰৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে ডি ডি আৰু অল ইণ্ডিয়া ৰেডিঅ’ক নতুন ৰূপ দিয়াৰ লগতে নতুন নিযুক্তিৰ পথ মুকলি কৰিছে ৷

মনকৰিবলগীয়া যে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ প্ৰসাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত হয়। কেন্দ্ৰই সদ্যহতে পৰিৱৰ্তিত সম্প্ৰচাৰ প্ৰযুক্তিৰ লগতে দূৰদৰ্শন আৰু এ আই আৰ’ক আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে ইনফ্ৰা আপডেট কৰিবলৈ ২,৫৩৯ কোটি টকা ব্যয় কৰিব।

প্ৰসাৰ ভাৰতীৰ অধীনস্থ কোম্পানী দুটাৰ অত্যাধুনিক যন্ত্ৰাংশ আৰু ষ্টুডিঅ’ৰ অন্ত’ভাগ অত্যাধুনিক আৰু উন্নত প্ৰযুক্তিৰে নিৰ্মাণৰ সমান্তৰালভাৱে দূৰদৰ্শনত ভিডিঅ’ৰ মানদণ্ড অতি উন্নত কৰাৰ পৰিকল্পনা যুগুত কৰিছে ।

আনহাতে ইতিপুৰ্বে ব্যৱহাৰ হৈ থকা পুৰণি ট্ৰেন্সমিটাৰবোৰ সলনি কৰি চৰকাৰে নতুন এফএম ট্ৰেন্সমিটাৰ স্থাপন কৰাৰ লগতে বিদ্যমান এফএম ট্ৰেন্সমিটাৰবোৰ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে ৷

বিশেষত: দেশৰ সীমান্তৰ্ৱতী অঞ্চলৰ লগতে পাৰ্বত্য অঞ্চলত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত স্থাপন কৰিব অত্যাধুনিক ট্ৰেন্সমিটাৰবোৰ ।

আনহাতে দুৰ্গম , সীমান্তৰ্ৱতী আৰু জনজাতীয় অঞ্চল সমূহত প্ৰায় সাত লাখ ডিডি-ফ্ৰী ডিছ প্ৰদান কৰিব গঞাক । চৰকাৰৰ এই সিদ্ধান্তৰ ফলত পোনপটীয়াকৈ সাত লাখ ঘৰলৈ বা ডিটিএইচ সম্প্ৰসাৰিত কৰিব।

কেন্দ্ৰীয় কেবিনেটে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ত ২,৫৩৯ কোটি টকা ব্যয় কৰাৰ পূৰ্বে দূৰদৰ্শনৰ অধীনত ৩৬ টা টিভি চেনেল ৷ ইয়াৰে ২৮ টা চেনেল আঞ্চলিক ভাষাৰ চেনেল সম্প্ৰচাৰ হৈ আছে ৷ আনপিনে দেশত ৫০০ টা অল ইণ্ডিয়া ৰেডিঅ’ সম্প্ৰচাৰ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে ৷

Exit mobile version