World Best University: বিশ্ব শ্রেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ ১০ শীর্ষ উচ্চ শিক্ষানুষ্ঠান অন্তর্ভুক্ত

WhatsApp Image 2023 01 05 at 17.50.59

World Best University:

কিউ এছ ৱ’ৰ্ল্ড ইউনিভাৰছিটি ৰেংকিংছ ২০২৩ৰ তালিকাত স্থান লাভ কৰিলে ভাৰতৰ ১০ খন উচ্চ শিক্ষানুষ্ঠানে।

২০২৩ৰ এই তালিকাত অৱশ্যে শীর্ষ ১০০ স্থানত অন্তৰ্ভুক্ত নহ’ল ভাৰতৰ এখনো বিশ্ববিদ্যালয় । তিনিখন ভাৰতীয় বিশ্ববিদ্যালয়ে তালিকাত শীর্ষ ২০০ স্থানত অন্তৰ্ভুক্ত হ’ল।

কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্ছিটিজ ৰেংকিংছ ২০২৩ত স্থান লাভ কৰা ভাৰতীয় উচ্চ শিক্ষানুষ্ঠান কেইখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স (১৮৬), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেক’ন’লজি বোম্বে (১৭২), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেক’ন’লজি দিল্লী (১৮৫), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি মাদ্ৰাছ (২৫৫), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেক’ন’লজি কানপুৰ (২৭৭), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেক’ন’লজি খড়গপুৰ (২৮০), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেক’ন’লজি ৰুড়কি (৪০০), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেক’ন’লজি গুৱাহাটী (৩৯৫), ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেক’ন’লজি ইন্দোৰ (৩৯৫) আৰু ইউনিভাৰছিটি অৱ দিল্লী (৫০১-৫১০)।

Exit mobile version