IJU : কেৰালাৰ সাংবাদিক ছিদ্দিকি কাপ্পানৰ জামিনক আদৰণি আই জে ইউৰ

96703753

IJU :

বহু পলমকৈ হ’লেও কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পনক জামিন দিয়া কাৰ্যক আদৰণি জনাইছে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নে। আই জি ইউয়ে কয় যে কাপ্পানৰ গোচৰটোৱে ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ চৰকাৰখনে আইনৰ অপব্যৱহাৰ কৰি সাংবাদিক সকলক কিদৰে হাৰাশাস্তি কৰি আছে সেয়া উদঙাই দিছে। আই জে ইউয়ে চৰকাৰক সাংবাদিকসকলৰ অধিকাৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাক আক্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈ দাবী জনাইছে।

শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে পিএমএলএৰ অধীনত ইডিয়ে দাখিল কৰা ধন সৰবৰাহৰ গোচৰত কাপ্পানক জামিন প্ৰদান কৰে। ২০২০ চনৰ অক্টোবৰ মাহত ইউ পিৰ হাথৰাছ দলবদ্ধ ধৰ্ষণৰ গোচৰৰ বাতৰি দিবলৈ যোৱাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। চলিত বৰ্ষৰ ন ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে তেওঁক ইউএপিএ গোচৰত জামিন প্ৰদান কৰি কয় যে “প্ৰতিজন নাগৰিকৰ মুক্ত মত প্ৰকাশৰ অধিকাৰ আছে”। অৱশ্যে কাপ্পন কমেও দুই জানুৱাৰীলৈকে জিম্মাত থাকিব, তেতিয়া বন্ধৰ পিছত আদালত মুকলি হ’ব।

এক বিবৃতিত আই যে জে ইউৰ সভাপতি তথা ভাৰতীয় প্ৰেছ কাউন্সিলৰ সদস্য গীতাৰ্থ পাঠক আৰু আন্তঃৰাষ্ট্ৰীয় সাংবাদিক ফেডাৰেচনৰ মহাসচিব তথা উপ-সভানেত্ৰী ছাবিনা ইন্দৰজিতে কয় যে কাপ্পনক ১২৪এ (দেশদ্ৰোহ), ১৫৩এ (গোষ্ঠীৰ মাজত শত্ৰুতা বৃদ্ধিৰ বাবে) আৰু ২৯৫এ (outraging religious feelings)ৰ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৪ আৰু ১৭, তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৬ আৰু পিএমএলএৰ ধাৰা ৪৫ ৰ অধীনত গ্ৰেপ্তাৰ কৰা কাৰ্যই উদঙাই দিছে কিদৰে আইনৰ গুৰুতৰ অপব্যৱহাৰ কৰিছে কৰ্তৃপক্ষই।

যদিও কাপ্পনে ন্যায় পাইছে, তথাপিও ই বহু পলম হৈছে আইনৰ অপব্যৱহাৰ কৰি সাংবাদিকক ভুৱা গোচৰত জড়িত কৰি ভয় নুখুৱাবলৈ আৰু হাৰাশাস্তি নকৰিবলৈ আই জি ইউয়ে চৰকাৰসমূহক আহ্বান জনায়।

Exit mobile version