Police Constable Arrested: পুনৰ দুই হাত দাঙিলে আৰক্ষী কনিষ্টবল

উৎকোচ লওতেই হাতলোটে গ্ৰেপ্তাৰ

WhatsApp Image 2023 01 06 at 17.17.55 1

Police Constable Arrested:

বছৰটোৰ আৰম্ভণিতেই এজনে ঘোচখোৰ আৰক্ষী দাঙিলে হাত ৷ গোচৰ বুজাপৰাৰ নামত মহিলা এগৰাকীৰ পৰা ২৫ হাজাৰ টকা উৎকোচ লওঁতেই দুৰ্নীতি- নিবাৰকৰ জালতএজন আৰক্ষী কনিষ্টবল ৷

এই ঘটনা সংঘটিত হয় ধেমাজী জিলাৰ বৰদলনি আৰক্ষী চকীত ৷ নিৰন্ধৰ পাৱে নামৰ কনিষ্টবলজনে গোচৰ এটা বুজাপৰাৰ নামত মহিলা এগৰাকীৰ পৰা উৎকোচ হিচাপে দাবী কৰে ২৫ হাজাৰ টকা ৷

সেই অনুসৰি দাবী কৰা অনুসৰি ২৫ হাজাৰ টকা মহিলা গৰাকীয়ে কনিষ্টবল গৰাকীৰ হাতত দিয়াৰ পাচতে পুৰ্বৰে পৰা খাপ পিটি থকা অসম আৰক্ষীৰ দুৰ্নীতি- নিবাৰক শাখাই আটক কৰে ৷

আটকাধীন কনিষ্টবলজনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ আনিছে দুৰ্নীতি- নিবাৰক শাখাই ৷

Exit mobile version