China Covid-19 : ক’ভিডৰ তথ্য লুকুৱাইছে চীনে !

AFP 336E9FD

China Covid-19 :

চীনৰ তৃতীয় সৰ্বাধিক জনবহুল প্ৰদেশ হেনানৰ প্ৰায় ৯০ শতাংশ লোক কৰ’নাত আক্ৰান্ত ! সোমবাৰে এই কথা জনালে দেশৰ এজন শীৰ্ষ স্বাস্থ্য বিষয়াই ।

কেন্দ্ৰীয় হেনান প্ৰাদেশিক স্বাস্থ্য আয়োগৰ সঞ্চালক কান কুয়ানচেঙে এক সংবাদ সন্মিলনত কয়, “এই বছৰৰ ছয় জানুৱাৰীলৈকে হেনান প্ৰদেশত ক’ভিড-১৯ সংক্ৰমণৰ হাৰ ৮৯ শতাংশ ।” তথ্য অনুসৰি হেনান প্ৰদেশৰ জনসংখ্যা ৯.৯৪ কোটি। তাৰে ভিতৰত, 8.85 কোটি লোক কৰ’নাত আক্ৰান্ত হৈছে।

যোৱা বছৰৰ শেষত চীনত তলাবন্ধ উঠোৱাৰ পাছৰে পৰা, নতুন সংক্ৰমণ বৃদ্ধি পাইছে। কৰ’না বিএফ.৭ ৰ নতুন প্ৰকাৰৰ বাবে দেশখনত সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে ।

চীনা চৰকাৰৰ তথ্য অনুসৰি, ডিচেম্বৰৰ আৰম্ভণিতে ক’ভিড নিয়ম শিথিল হোৱাৰ পাছত মাত্ৰ এক লাখ ২০ হেজাৰ লোক কৰ’নাত সংক্ৰমিত হৈছে আৰু ৩০ জনৰ মৃত্যু হৈছে। ইফালে চীন চৰকাৰে দেশখনৰ কৰ’না পৰিস্থিতিৰ বিষয়ে তথ্য লুকুৱাই ৰাখিছে বুলি অভিযোগ উত্থাপিত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাইও ছি জিনপিঙৰ চৰকাৰৰ বিৰুদ্ধে একে ধৰণৰ অভিযোগ উত্থাপন কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাইও তৎক্ষণাৎ ক’ভিড পৰিসংখ্যা মুকলি কৰাৰ দাবী জনাইছে।

অৱশ্যে, যদি হেনান প্ৰদেশৰ স্বাস্থ্য বিষয়া কানৰ দাবী সঁচা বুলি প্ৰমাণিত হয়, তেন্তে জিংপিন চৰকাৰৰ বিৰুদ্ধে তথ্য লুকুৱাই ৰখাৰ অভিযোগ সঁচা প্ৰমাণিত হ’ব।

Exit mobile version