Cold Wave : একেৰাহে পাঁচ দিন ধৰি শীতপ্ৰবাহ ! ১০ বছৰৰ অভিলেখ ভাঙিলে দিল্লীয়ে

1673326602 delhi

Cold Wave :

শীতপ্ৰবাহত কঁপিছে উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশ । অৱশ্যে, সৰ্বাধিক শীতপ্ৰবাহত কঁপিছে দিল্লী। শীতৰপ্ৰবাহৰ নিৰিখত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে দিল্লীয়ে । মঙলবাৰে ৰাজধানীত ধাৰাবাহিকভাৱে ষষ্ঠ দিনত প্ৰৱেশ কৰিছে শীতপ্ৰবাহ ।

যি ১০ বছৰৰ দীৰ্ঘতম বুলি জনাইছে বতৰ বিজ্ঞানে । ২০১৩ চনত, ধাৰাবাহিক ভাৱে পাঁচ দিন ধৰি শীতপ্ৰবাহ দেখি দিল্লীবাসীয়ে।

একে সময়তে, কুঁৱলীৰ চাদৰে আৱৰি থকা দিল্লীত দৃশ্যমানতা প্ৰায় শূন্য । দেওবাৰে সন্ধিয়াৰ পৰা দিল্লীত দৃশ্যমানতা ২০ ঘণ্টাতকৈও অধিক সময়ৰ বাবে প্ৰায় শূন্য আছিল।

ঘন কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰৰ পৰা ২০০ তকৈও অধিক বিমান পলম হোৱাৰ লগতে দিল্লী অভিমুখী পাঁচখন বিমান জয়পুৰলৈ ডাইভাৰ্ট কৰা হয়। কুঁৱলীৰ বাবে ৭০ খনতকৈও অধিক ৰেল পলমকৈ ৰাওনা হয় ।

বতৰ বিজ্ঞান সূত্ৰ অনুসৰি, বুধবাৰ পৰ্যন্ত দিল্লীৰ আকাশ কুঁৱলীৰে আৱৰি থাকিব। অৱশ্যে, বতৰ বিজ্ঞানীসকলে জনাই যে মঙলবাৰে নিশাৰ পৰা কুঁৱলী সামান্য হ্ৰাস পাব। হ্ৰাস পাব ঠাণ্ডাও।

প্ৰসঙ্গত, নতুন বছৰটো অহাৰ লগে লগে দেশৰ বিভিন্ন ৰাজ্যত শীতপ্ৰবাহ হৈছে। আনকি প্ৰাণ কাঢ়িবলৈও আৰম্ভ কৰিছে কঠোৰ শীতে। বিগত পাঁচ দিনত কেৱল উত্তৰ প্ৰদেশৰ কানপুৰত হৃদৰোগ আৰু ষ্ট্ৰোকৰ ফলত ৯৮ জন লোকৰ মৃত্যু হয় ।

Exit mobile version