Joshimath Disaster : যিকোনো মুহূর্তত ভাঙিব পাৰে বাসগৃহ ! তথাপি ভেটি এৰিবলৈ অপ্ৰস্তুত জোশীমঠৰ অধিকাংশ বাসিন্দা

Joshimath Disaster :

প্রাণ গ’লেও যাওক, কিন্তু ঘৰৰ বাহিৰত এখোজো নিদিওঁ ! এই দাবী জোশীমঠৰ বাসিন্দাসকলৰ একাংশৰ । তেওঁলোকৰ দাবী, মৃত্যুৱে শ্ৰেয় । কিন্তু ককা-আজুককাৰ ভেটি-মাটি এৰি ক’তো নাজাও ।

গাড়োৱাল হিমালয়ৰ ‘ক্ষয়িষ্ণু’ জনবসতি জোশীমঠৰ দুশখনৰো অধিক বাসগৃহত ইতিমধ্যে ‘ৰেড ক্রছ’ কৰি দিয়া হৈছে । ইয়াৰ অর্থ এই বাসগৃহসমূহ বসবাসৰ বাবে নিৰাপদ নহয় । বাসগৃহ এৰি আশ্রয় শিবিৰত লৈ যোৱাৰ বিষয়ে সোমবাৰে প্রশাসনৰ তৰফৰ পৰা জোশীমঠৰ এই পৰিয়ালসমূহৰ স’তে আলোচনা কৰা হয় । কিন্তু জোশীমঠ এৰিবলৈ অপ্ৰস্তুত সেই পৰিয়ালৰ একাংশ ।

সেই পৰিয়ালৰে এগৰাকী গৃহকর্তা লক্ষ্মীপ্রসাদ সতী । ৭৮ বছৰীয়া এই বৃদ্ধাৰ বাসগৃহকো ৰঙা সতর্কতা জাৰি কৰা হৈছে । ‘মালাৰি ইন’ আৰু ‘মাউন্ট ভিউ’ নামে যি দুখন হোটেল ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে, সেয়া তেওঁৰ বাসগৃহৰ নিচেই কাষত । সেয়ে প্রশাসনৰ তৰফৰ পৰা তেওঁক আৰু তেওঁৰ পৰিয়ালৰ সদস্যক আশ্রয় শিবিৰলৈ লৈ যোৱাৰ কথা কোৱা হয় । কিন্তু বৃদ্ধা লক্ষ্মীপ্রসাদ মান্তি নহয় ।

তেওঁৰ স্পষ্ট কথা, ‘‘আমি বাহিৰৰ পৰা অহা নাই । আমাৰ জন্ম ইয়াতেই । আমাৰ পূর্বপুৰুষসকল এইখন ঘৰতেই আছিল । প্রশাসনে কি কৰিছে ? ম‌ই এই ঘৰ এৰি ক’তো নাযাওঁ ।’’ তেওঁ যদি বাসগৃহতে মৃত্যুক সাৱটিবলগীয়া হয়, তেন্তে তেওঁ তাতো প্ৰস্তুত বুলি মন্তব্য কৰে ।

লক্ষ্মীপ্রসাদৰ দৰে আন কিছুসংখ্যক বাসিন্দায়ো দাবী কৰিছে । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে, বাসগৃহ এৰি অস্থায়ী আশ্রয় শিবিৰত থাকিবৰ বাবে প্রতিটো পৰিয়ালক পৰৱর্তী ছমাহৰ বাবে প্রতি মাহে ভাৰা বাবদ চাৰি হেজাৰ টকাকৈ দিয়া হ’ব ।

অৱশ্যে তাতো এই পৰিয়ালসমূহ সন্তুষ্ট নহয় বুলি প্রশাসন সূত্রে খবৰ । মঙলবাৰে পুনৰ এই পৰিয়ালসমূহৰ স’তে আলোচনা কৰা হ’ব বুলি প্রশাসন সূত্রে খবৰ ।

সোমবাৰে জোশীমঠত নতুনকৈ আৰু ৬৮টা বাসগৃহত ফাট মেলা দেখা যায় । ইয়ৰ পাছতে জোশীমঠৰ বিস্তীর্ণ অঞ্চল পৰিদর্শন কৰে উত্তৰাখণ্ডৰ মুখ্য সচিব এছ‌এছ সান্ধুৱে । তেওঁ নির্দেশ দিয়ে, বর্তমান পৰিস্থিতিত প্রতিটো মিনিট গুৰুত্বপূর্ণ আৰু শীঘ্ৰে যেন অঞ্চলৰ বাকী বাসিন্দাসকলকো অন্য স্থানলৈ স্থানান্তৰ কৰা হয় । ইয়াৰ পাছৰ পৰা জোশীমঠৰ বাসিন্দাসকলক আশ্রয় শিবিৰত নিবলৈ অধিক তৎপৰ হয় প্রশাসন ।

প্রসংগত, যোৱা দুই জানুৱাৰীৰ পৰা গাড়োৱাল হিমালয়ৰ সৰু জনবসতিৰ অঞ্চল জোশীমঠত ঠায়ে ঠায়ে খহনীয়া হৈছে । এটাৰ পাছত আনটো বাসগৃহত ফাট মেলিছে । পথতো য’তে ত’তে ফাট মেলা দেখা গৈছে ।

মাটিৰ তলৰ পৰা অদ্ভুত শব্দ শুনিবলৈ পোৱা গৈছে । ইয়াৰ পাছতেই জোশীমঠৰ আতংকিত স্থানীয়সকলে তেওঁলোকক স্থানান্তৰ কৰাৰ দাবীত ওলাই আহিছে বাসিন্দাসকল ।

সম্প্ৰতি সেই অঞ্চলৰ বাসিন্দাসকলক অন্য স্থানত পুনর্বাসন দিয়ার কাৰ্য অব্যাহত আছে । যোৱা দেওবাৰে জোশীমঠক ‘বসবাসৰ অনুপযোগী’ বুলিও ঘোষণা কৰিছে উত্তৰাখণ্ড চৰকাৰে । বর্তমান ভূমিস্খলন ক্ষতিগ্রস্ত ঘৰৰ সংখ্যা বাঢ়ি হৈছে ৬৭৮টা । প্রশাসনৰ তৰফৰ পৰা এই পর্যন্ত মুঠ ৮২টা পৰিয়ালক নিৰাপদ আশ্রয় শিবিৰলৈ লৈ যোৱা হৈছে ।

Exit mobile version