Rahul Gandhi : হাড় কঁপোৱা শীততো কেৱল টি-শ্বার্ট পৰিধান কৰি কিয় পদযাত্ৰা কৰিছে ৰাহুল গান্ধীয়ে ?

ৰাহুলৰ পোছাক লৈ আলোচনা সর্বত্র । উত্তৰ ভাৰতৰ হাড় কঁপোৱা শীতত এটা পাতল টি-শ্বার্ট পৰিধান কৰি কেনেকৈ থাকিব পাৰিছে ৰাহুলে ? কিয় বা কেৱলমাত্র টি-শ্বার্টত দেখা গৈছে ৰাজীৱ - পুত্ৰক ? হেজাৰটা প্রশ্নৰ উত্তৰ দিলে তেওঁ

1673336072 rahul

Rahul Gandhi :

উত্তৰ ভাৰতৰ প্রবল ঠাণ্ডাৰ মাজতে কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে কেনেকৈ এটা টি-শ্বার্ট পিন্ধি খোজকাঢ়িছে ? এইবাৰ টি-শ্বার্ট ৰহস্য ফাদিল কৰিলে ৰাহুলে । কংগ্রেছৰ ভাৰত জোড়ো যাত্রা প্রৱেশ কৰিছে হৰিয়ানাত । তাত তেওঁ কৈছে টি-শ্বার্ট ৰহস্যৰ বিষয়ে ।

ৰাহুলৰ পোছাক লৈ আলোচনা সর্বত্র । উত্তৰ ভাৰতৰ হাড় কঁপোৱা শীতত এটা পাতল টি-শ্বার্ট পৰিধান কৰি কেনেকৈ থাকিব পাৰিছে ৰাহুলে ? কিয় বা কেৱলমাত্র টি-শ্বার্টত দেখা গৈছে ৰাজীৱ – পুত্ৰক ? হেজাৰটা প্রশ্নৰ উত্তৰ দিলে তেওঁ ।

সোমবাৰে সন্ধিয়া অম্বালাত এটা পথৰ সভাত ৰাহুলে কয়, ‘‘এদিন তিনিটি দৰিদ্ৰ শিশু মোয কাষত আহিল । দেখিলো, সিহঁত ঠাণ্ডাত কঁপিছে । কাৰণ সিহঁতে কোনেও গৰম কাপোৰ পৰিধান কৰা নাই । সেই দিনাই ম‌ই এটা সিদ্ধান্ত ল’লো । যিমান দিন শীত থাকিব ম‌ই সিমান দিন ছুৱেটাৰ পৰিধান নকৰো । কেৱল টি-শ্বার্টেই পিন্ধি থাকিম ।’’

ৰাহুলে জনায়, এই তিনিটি শিশুক তেওঁ বার্তা দিব‌ বিচাৰিছিল, ‘‘যেতিয়া ম‌ইও কঁপিবলৈ আৰম্ভ কৰিম, সেই দিনা ছুৱেটাৰ পিন্ধাৰ কথা ভাবিম । ম‌ই সেই শিশু তিনিটিক বার্তা দিব বিচাৰো, যদি তোমালোকৰ ঠাণ্ডা লাগে, তেনেহ’লে ৰাহুল গান্ধীৰো ঠাণ্ডা লাগিব ।’’

বিগত সপ্তাহত ৱেনাড়ৰ সাংসদে খোজকাঢ়িছিল উত্তৰ প্রদেশত । তাতো একেই প্রশ্নৰ সন্মুখীন হৈছিল তেওঁ । সেই সময়ত ৰাহুলৰ উত্তৰ আছিল, ‘‘কেৱল মোকেই কিয় দেখিছে ? মোৰ চাৰিওপাশে যি দৰিদ্ৰ কৃষক, শ্রমিকসকল খোজকাঢ়িছিল, তেওঁলোকৰ উন্মুক্ত শৰীৰে মোৰ দৃষ্টি কাঢ়িলে !’’

ৰাহুলে কয়, ‘‘ম‌ই টি-শ্বার্ট পিন্ধা নিপিন্ধা কোনো প্রশ্ন নহয় । প্ৰকৃত প্রশ্ন হ’ল, দেশৰ দৰিদ্ৰ কৃষক, শ্রমিক আৰু তেওঁলোকৰ পৰিয়ালে কিয় প্রবল শীততো গৰম কাপোৰ পিন্ধি থাকিব পৰা নাই ?’’

বর্তমান ভাৰত জোড়ো যাত্রা হাৰিয়ানাত উপস্থিত হৈছে । যোৱা সাত ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হয় কংগ্রেছৰ পদযাত্রা । অহা ৩০ জানুৱাৰীত শ্রীনগৰত এই যাত্ৰাৰ অন্ত পৰিব । তাত ৰাহুলে জাতীয় পতাকা উত্তোলন কৰিব ।

Exit mobile version