TV channels : টিভি চেনেলক হত্যা-শাৰীৰিক আক্ৰমণৰ ভিডিঅ’ প্ৰচাৰ বন্ধৰ নির্দেশনা চৰকাৰৰ

96854307

TV channels :

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রণালয়ে দেশৰ সকলো টেলিভিছন চেনেললৈ কিছু পৰামৰ্শৱলী জাৰি কৰিলে৷ টিভি চেনেলক বাতৰি তথা অনুষ্ঠান সম্প্ৰচাৰৰ ক্ষেত্ৰত অধিক দায়বদ্ধ আৰু সতৰ্ক হ’বলৈ পৰামৰ্শ দি সোমবাৰে মন্ত্রণালয়ে কয় যে টিভি চেনেলে মানুহক মানসিকভাৱে হাৰাশাস্তি কৰা ভিডিঅ’ আৰু ফটোগ্রাফ বন্ধ কৰা উচিত।

টিভি চেনেলে নীতি উলংঘা কৰি হত্যা, মৃতদেহ আৰু শাৰীৰিক আক্ৰমণৰ ভিডিঅ’ আৰু সম্প্ৰচাৰ কৰাটো দৰ্শকৰ বাবে মানসিক নির্যাতন সদৃশ ঘটনাৱলী অভিহিত কৰি মন্ত্রণালয়ে এনেবোৰ দৃশ্য প্ৰদৰ্শনৰ পৰা বিৰত থাকিবলৈ টিভি চেনেলক আহ্বান জনালে।

Exit mobile version