Virat Kohli : বৰ্ষাপাৰাত কোহলীৰ ৰাণৰ বৰষুণ !

শচীনৰ তেন্দুলকাৰৰ ৰেকৰ্ড স্পৰ্শ বিৰাট কোহলিৰ

WhatsApp Image 2023 01 10 at 21.06.50

Virat Kohli :

মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট মেটচ খনত অলৰাউণ্ডাৰ বেটচ্ মেন বিৰাট কোহলিয়ে বেটৰ জৰিয়তে তেওঁৰ প্ৰভাৱ পুনৰ দাঙি ধৰিলে।

শ্ৰীলংকাৰ বিৰুদ্ধে দীৰ্ঘবিৰতিৰ মূৰত ৰাজসিক শতক অৰ্জন কৰি বিৰাট কোহলিয়ে বৰ্ষাপাৰাৰ ৰাণৰ পাহাৰ গঢ়ি তোলে ৷ কোহলিয়ে পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰি আগন্তুক বিশ্বকাপত যে তেওঁৰ বেটিংৰ যাদু অব্যাহত থাকিব তাৰ ইংগিত আগতিয়াকৈ প্ৰদান কৰে বৰ্ষাপাৰাত৷

ভাৰত-শ্ৰীলংকাৰ আজিৰ প্ৰথমখন এদিনীয়াত ভাৰতৰ প্ৰাক্তন কেপ্তেইন গৰাকীয়ে ৭৩ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হয়। য’ত তেওঁ ৮৭ বলত ১১৩ ৰাণ সংগ্ৰহ কৰে ৷

উল্লেখ্য যে কোহলিয়ে কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ এক অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয়।

মনকৰিবলগীয়া যে, ভাৰতৰ প্ৰাক্তন কেপ্তেইন শচীন তেণ্ডুলকাৰে দেশৰ মাটিত এদিনীয়া ক্ৰিকেটত বিশটা শতক অৰ্জন কৰিছিল।

আনহাতে ক্ৰিকেটাৰ গৰাকীৰে সৰ্বাধিক শতক অৰ্জন কৰা তালিকাৰো শীৰ্ষস্থানত আছিল ৷ কিন্ত আজি বিৰাট কোহলীয়ে আজি ৭৩ সংখ্যক শতক অৰ্জন কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হয় ৷ এইয়া কোহলীৰ ক্ৰিকেট কেৰিয়াৰৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন হিচাপে বিবেচিত হয় ৷

Exit mobile version