Wheat Crisis in Pakistan : গমৰ বাবে হাহাকাৰ পাকিস্তানত ! ক’ৰবাত লুটপাত, ক’ৰবাত কঢ়া-আজুৰাৰ কৰুণ দৃশ্য

96829013

Wheat Crisis in Pakistan :

আর্থিক সংকটত ভোগি থকা পাকিস্তানত খাদ্যৰ সংকটৰ একাধিক ছবি প্রকাশ্যত আহিছে । আটাৰ বাবে মাৰপিট, লুটপাট চলিছে খাইবাৰ পাখতুনখোৱা, সিন্ধ আৰু বালুচিস্তান প্রদেশত ।

সংকট এনে পর্যায়ত উপনীত হৈছে যে, পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ একাধিক ভিডিঅ’ পোহৰলৈ আহিছে । যদিও সেই ভিডিঅ’বোৰৰ সত্যতা পৰীক্ষা কৰা নাই দৈনিক অগ্ৰদূতে ।

এটা ভিডিঅ’ত দেখা গৈছে, আটাৰ বস্তাৰ বাবে কঢ়া-আজুৰা হৈছে । যিয়ে যেনেকে পাৰে লুট কৰিছে । জাকে জাকে মানুহ ওলাই আহিছে আটাৰ বাবে । তেনেতেই পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে ।

অন্য এটা ভিডিঅ’ত দেখা গৈছে, ময়দা উঠাই ট্রাকৰ পাছফালে কিছুসংখ্যক লোক ওলমি ওলমি গৈছে, আটাৰ বস্তা তুলি নিয়াৰ চেষ্টা কৰছে ।

পাকিস্তানত আটাৰ সংকটৰ বাবে খাদ্য বিভাগ আৰু ময়দা কলবোৰৰ অব্যৱস্থাকেই জগৰীয়া কৰিছে বাসিন্দাসকলে । এক্সপ্রেছ ট্রিবিউন-ৰ প্রতিবেদন অনুযায়ী, কৰাচিত এক কেজি আটা বিক্রী হৈছে ১৬০ টকাত । ইছলামাবাদ আৰু পেছোৱাৰত ১০ কেজি আটাৰ বস্তা বিক্রী হৈছে ডেৰ হেজাৰ টকাত ।

ইপিনে আটাৰ আকাল, আনহাতে আকাশলংঘী দামত দিশাহাৰা হৈ ৰাজসাহায্যৰ আটা পাবৰ বাবে মাৰপিট কৰিছে পাক নাগৰিকসকলে । বিগত দুসপ্তাহত ১৫ কেজি আটাৰ দাম তিনিশ টকা বাঢ়িছে বুলি এৰি নিউজ-ৰ প্রতিবেদনত দাবী কৰা হৈছে ।

বালুচিস্তানৰ খাদ্যমন্ত্রী জামাৰাক আচাকজাই ইংগিত দিছে, এই সংকট আগন্তুক দিনত আৰু ভয়ংকৰ হৈ পৰিব । তেওঁৰ দাবী, বহু অঞ্চলত গমৰ মজুত শেষ হৈছে । সংকট মৰিসনৰ বাবে ৰাছিয়াৰ পৰা ইতিমধ্যে দুখন জাহাজ আহিছে পাকিস্তানত । পাকিস্তানৰ খাদ্যমন্ত্ৰণালয় সূত্রে খবৰ, আগন্তুক কিছু দিনৰ ভিতৰত গদৰ বন্দৰত চাৰে চাৰি লাখ টন গম প্ৰেৰণ কৰিব ৰাছিয়াই ।

Exit mobile version