Administration’s eviction drive in Pabha forest Reserve:পাভ সংৰক্ষিত বনাঞ্চলত আজি দ্বিতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান

pabha 1

Administration’s eviction drive in Pabha forest Reserve:

চৰকাৰী ভূমি দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰস্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ । শেহতীয়াকৈ বটদ্ৰৱা আৰু বৰপেটাকে ধৰি ৰাজ্যৰ কেতবোৰ সত্ৰৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ পাছতে এইবাৰ বনাঞ্চল দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ ৷

ইতিমধ্যে যোৱাকালিৰ পৰা লক্ষিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত মাৰাথন উচ্ছেদ অভিযান চলাইছে জিলা প্ৰশাসনে ৷মঙলবাৰে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলোৱাৰ পাছত বুধবাৰে পুৱাৰে পৰা প্ৰায় ৫০ খন জে চি বিৰে বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা অবৈধ দখলকাৰীয়ে দখল কৰি আছিল পাভ বনাঞ্চলৰ মুঠ ৪৬২৫.৮৭ হেক্টৰ ভূমিৰ প্ৰায় ৫০১ হেক্টৰভূমি ৷
দখলকাৰীক উচ্ছেদ কৰিবৰ বাবে জিলা প্ৰশাসনে বিগত কেইবাদিনো ধৰি ব্যাপক প্ৰস্তুতি চলাইছিল ৷

মঙলবাৰৰ অভিযানত বনাঞ্চলখনৰ আধাখনাৰ ২৫০ হেক্টৰভূমি বেদখলমুক্ত কৰা হয় ৷ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ ঘৰবাৰী,খেতি পথাৰ ধংস কৰে জিচিবি উচ্ছেদ কৰে প্ৰশাসনে ৷

বুধবাৰে পুৱাৰে পৰা পাভ বনাঞ্চলৰ ম’হঘুলিৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে । প্ৰাপ্ত তথ্য মতে ,ম’হঘুলি বনাঞ্চলত প্ৰায় ২০২ টা পৰিয়ালে ভূমি বেদখল কৰি আছিল দীৰ্ঘদিনৰ পৰা ৷

মনকৰিবলগীয়া যে প্ৰায় সংখ্যক বেদখলকাৰীয়ে প্ৰশাসনৰ হাতোঁৰা পৰাৰ পূৰ্বে ঘৰবাৰী নিজেই ভাঙি আন স্থানলৈ ঢাপলি মেলে ৷

Exit mobile version