Cm Visits Assam Police Headquarter : অসম আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ত মুখ্যমন্ত্ৰী

আৰক্ষী বিভাগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ

469755fc 8011 4a36 a925 1162b58b14e6

Cm Visits Assam Police Headquarter :

মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত আজি আৰক্ষী বিভাগৰ পৰ্যালোচনাৰ এক দিনজোৰা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷

বৈঠকত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ স’তে নিযুক্তি, ৰাজ্যৰ নিৰাপত্তা, অপৰাধ নিয়ন্ত্ৰণকে ধৰি বিভিন্ন দিশত বিতংভাৱে আলোচনা কৰা হয় ।

বৈঠকত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালকপ্ৰধানভাস্কৰজ্যোতি মহন্তৰ লগতে বহু জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াও উপস্থিত থাকে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী সিংহলে প্ৰকাশ কৰে যে গুৱাহাটীত শীঘ্রেই সংস্থাপন কৰা হ’ব ২০০০ চি চি টি ভি কেমেৰা ৷

এই কেমেৰা সমূহ ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সংস্থাপন কৰিব ৷ আনহাতে পাঁজনতকৈ অধিক কৰ্মচাৰী থকা চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠানে চি চি টি ভি লগোৱাটো বাধ্যতামূলক বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

কেমেৰাৰ বাবে শীঘ্রেই নিবিদা মুকলি কৰি দিয়া হ’ব ৷ আনহাতে মহানগৰীৰ বিভিন্ন স্থানত থকা জাঁবৰ পেলোৱা নিদিষ্ট স্থানৰ পৰিৱৰ্তে আন স্থানত পেলোৱা লোকো এতিয়া বন্দী হ’ব চি চি টি ভি কেমেৰাত৷

একেদৰে মহানগৰীৰ ষ্ট্রিট লাইট সংযোজনৰ ক্ষেত্রত প্ৰায় ৫৫ কোটি টকাৰ নিবিদা মুকলি কৰাৰ কথাও উল্লেখ কৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version