Cm Visits Assam Police Headquarter:
মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত আজি আৰক্ষী বিভাগৰ পৰ্যালোচনাৰ এক দিনজোৰা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷
বৈঠকত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিযুক্তি, ৰাজ্যৰ নিৰাপত্তা, অপৰাধ নিয়ন্ত্ৰণকে ধৰি বিভিন্ন দিশত বিতংভাৱে আলোচনা কৰা হয় ।
বৈঠকত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে বহু জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াও উপস্থিত থাকে।
আনহাতে পাঁচজনতকৈ অধিক কৰ্মচাৰী থকা চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠানে চি চি টি ভি লগোৱাটো বাধ্যতামূলক বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷
কেমেৰাৰ বাবে শীঘ্রেই নিবিদা মুকলি কৰি দিয়া হ’ব ৷আনহাতে মহানগৰীৰ বিভিন্ন স্থানত থকা জাঁবৰ পেলোৱা নিদিষ্ট স্থানৰ পৰিৱৰ্তে আন স্থানত পেলোৱা লোকো এতিয়া বন্দী হ’ব চি চি টি ভি কেমেৰাত৷
একেদৰে মহানগৰীৰ ষ্ট্রিট লাইট সংযোজনৰ ক্ষেত্রত প্ৰায় ৫৫ কোটি টকাৰ নিবিদা মুকলি কৰাৰ কথাও উল্লেখ কৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী গৰাকীয়ে ৷