Ganja Seized In Guwahti Railway Station:গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১০৯ কিলোগ্ৰাম গাঞ্জা

ganja 2

Ganja Seized In Guwahti Railway Station:

গুৱাহাটী ৰে’লৱে ষ্টেচনত ৰেল আৰক্ষীৰ অভিযান ৷ কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ বুধবাৰে ডিমাপুৰৰ পৰা নামনিমুৱা কামৰূপ এক্সপ্ৰেছ খন গুৱাহাটী ৰে’ল ষ্টেচনত অৱস্থান কৰাৰ পাছতে গোপন সূত্ৰৰ পম খেদি ৰে’ল আৰক্ষীয়ে ৰে’ল খনৰ বি-১,২,৩ ডবাৰ তিনিটা পৰিত্যক্ত বেগৰ পৰা উদ্ধাৰ কৰে প্ৰায় ১০৯ কেজি গাঞ্জা ৷

প্ৰতিটো বেগত তিনিটাকৈ মুঠ ১২টা কলা পলিথিনত মেৰিয়াই থোৱা গাঞ্জাৰ টোপোলা কেইটা জব্দ কৰে ৰে’লৱে আৰক্ষীয়ে ৷ জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক মূল্য প্ৰায় ৫৪ লাখ হ’ব বুলি সদৰি কৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷

সন্দেহ কৰা মতে গাঞ্জাখিনি ডিমাপুৰৰ পৰা অনা হৈছিল ৷ ৰে’ল আৰক্ষীৰ গাঞ্জা সৰবৰাহকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version