Assam Cabinet : ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

5599ae11 90ae 4eb8 ad88 74b4b9cc4503

Assam Cabinet :

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

সেই অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ ৪৪ লাখ লোকৰ ঘৰত স্থাপন কৰা হ’ব স্মাৰ্ট মিটাৰ ৷ এই স্মাৰ্ট মিটাৰ সংস্থাপনৰ কামত নিয়োজিত হ’ব প্ৰায় পাঁচ হাজাৰ নিবনুৱা ৷

আনহাতে মিছত বসুন্ধৰা আবেদনৰ ক্ষেত্ৰত কেবিনেটে আবেদনৰ সময়সীমা ১০ জানুৱাৰীৰ পৰিৰ্ৱতে ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰে ৷ ৰাজ্যিক কেবিনেট অসমৰ পৰ্যটন ক্ষেত্ৰলৈ কে’বাটাও সুদুৰ প্ৰসাৰী সিদ্ধান্ত লয় ৷

গুৱাহাটীৰ পাঁচ তীৰ্থস্থানক পোনপটীয়াকৈ সংযোগ কৰি আৰম্ভ কৰা হ’ব ৰিভাৰ ক্ৰুজ সেৱা ৷ এই সেৱাই সামৰি ল’ব কামাখ্যা দেৱালয়,অশ্বক্লান্তা ,উমানন্দ আৰু দৌল গোবিন্দ ৷ এই চাৰিটি তীৰ্থস্থানলৈ ভেৰী সেৱা নিয়মীয়া কৰাৰ সিদ্ধান্ত লয় কেবিনেটে৷ কেবিনেট বৈঠকৰ অন্তত চৰকাৰৰ সিদ্ধান্ত সমূহ সংবাদমেলযোগে সদৰি কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

Exit mobile version