Bomb Blast In Mizoram Border : মিজোৰাম সীমান্তত ভয়ংকৰ বোমা বিস্ফোৰণ

নিহত তিনি , আহত কে'বাজনো

1e67c193 0944 4c70 83c2 97066304443f

Bomb Blast In Mizoram Border :

চুবুৰীয়া মিজোৰাম সীমান্তৰ্ৱতী অঞ্চলত প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ ধাৰাষাৰ বোমা বৰ্ষণ। মিলিকিয়া কেম্পত সংঘটিত হোৱা বোমা বৰ্ষণৰ পাছতে সীমান্তত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷ তথ্য অনুসৰি এই ঘটনাত কে’বাজনো লোক হতাহত হৈছে  ৷

সন্দেহ কৰা মতে ম্যানমাৰ চৰকাৰৰ নিষিদ্ধঘোষিত সশস্ত্ৰ বিদ্ৰোহী সংগঠন চি এন এৰ দ্বাৰাই এই বোমা বৰ্ষণ ঘটনা সংঘটিত হৈছে ৷

এই বিস্ফোৰণৰ ফলত তিনিজনকৈ লোক নিহত হোৱাৰ বিপৰীতে আহত মিজোৰামৰ কেবাজনো লোক ৷ ইতিমধ্যে ঘটনাস্থলীত মিজো আৰক্ষী আৰু ভাৰতীয় সেনা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ আনহাতে আহত সীমান্তৰ্ৱতী লোক কেইজনক উন্নত চিকিৎসাৰ বাবে আইজাললৈ প্ৰেৰণ কৰা হয় ৷

Exit mobile version