Congress : কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি উপলক্ষে শ্ৰীনগৰত অনুষ্ঠিত সভালৈ ২১ ৰাজনৈতিক দলক আমন্ত্ৰণ

নিমন্ত্ৰণ নকৰিলে কেজৰিয়াল-কেচিআৰ আৰু বদৰুদ্দিন আজমল-আছাদুদ্দিন ওৱেচিক

WhatsApp Image 2023 01 12 at 5.30.00 PM 1

Congress :

কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কেইবামাহ যোৰা’ ভাৰত জোড়ো যাত্ৰা’ৰ শ্ৰীনগৰত ৩০ জানুৱাৰীত সমাপন কৰিবলগীয়া সভাত অংশ গ্ৰহণ কৰিবলৈ দেশৰ প্ৰায় ২১ টা সম ভাৱাপন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গক আমন্ত্ৰণ জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আমন্ত্ৰণ ৷

ইতিমধ্যে কংগ্ৰেছ সভাপতি গৰাকীয়ে নিমন্ত্ৰণ কৰা নেতা সকল হ’ল টিএম চিৰ মুৰব্বী মমতা বেনাৰ্জী, জে এম এমৰ হেমন্ত সোৰেন, এছ পিৰ অখিলেশ যাদৱ, বিএছ পিৰ মায়াৱতী, আৰ জে ডিৰ লালু প্ৰসাদ-তেজস্বী যাদৱ, শিৱসেনাৰ উদ্ধৱ ঠাকৰে, বাওঁপন্থীৰ সীতাৰাম য়েচুৰী, এন চি পিৰ শৰদ পাৱাৰ, এ ডি এম কেৰ ষ্টেলিন,জে কে এন চিৰ ফাৰুক আব্দুল্লা আৰু জে কে পি ডি পিৰ মেহবুবা মুফতি।

কিন্তু আচৰিতজনক ভাৱে আম আদমী পাৰ্টিৰ মুৰব্বী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ দল জেডি(এছ) আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতিলৈ ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা নাই।

একেদৰে কট্টৰ মুছলিম নেতা তথা এআইএমআইএম নেতা আছাদুদ্দিন ওৱেচি আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলকো নিমন্ত্ৰণ কৰাৰ পৰা বিৰত আছে দেশৰ প্ৰধান বিৰোধী দলটি ৷

মনকৰিবলগীয়া যে কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ যাত্ৰাই বিৰোধী শিবিৰৰ লগতে পঞ্জাৱ পোৱালৈকে ৰাজনৈতিক পৰ্যবেক্ষক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷

এনে প্ৰেক্ষাপটত ৰাইজৰ ব্যাপক সহাৰী পোৱা বুলি দাবী কৰি কংগ্ৰেছ দলে ভাৰত জোড়ো যাত্ৰাৰ শ্ৰীনগৰৰ সামৰণি অনুষ্ঠান বিস্তৃত ৰূপত আয়োজনৰ প্ৰস্তুতি চলাইছে ৷

আনহাতে কংগ্ৰেছৰ জনসম্পৰ্কৰক্ষী সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ ২১ টা সম ভাৱাপন্ন দলৰ সভাপতিসকলক খাৰ্গেৰ আমন্ত্ৰণ কৰাৰ বিষয়ে টুইটযোগে সদৰি কৰিছে। খাৰ্গেই নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰে যে তেওঁলোকৰ উপস্থিতিয়ে যাত্ৰাৰ সত্য, সহানুভূতি আৰু অহিংসাৰ বাৰ্তা শক্তিশালী ৰূপত উপস্থাপিত হ’ব।

৩০ জানুৱাৰীত শ্ৰীনগৰত ভাৰত জোড়ো যাত্ৰা সমাপন অনুষ্ঠান মহাত্মা গান্ধীৰ স্মৃতিত উৎসৰ্গিত কৰা হৈছে ৷ যিয়ে ঘৃণা আৰু হিংসাৰ আদৰ্শৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰামত ব্ৰতী হৈ উল্লিখিত দিনটোতে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

ইপিনে,কংগ্ৰেছ দলীয় সূত্ৰই নিশ্চিত কৰিছে যে আম আদমী পাৰ্টি, জেডি(এছ), ভাৰত ৰাষ্ট্ৰ সমিতিৰ লগতে ওৱেচি আৰু আজমলক শ্ৰীনগৰৰ সভালৈ আমন্ত্ৰণ প্ৰেৰণ কৰা হোৱা নাই।

অৱশ্যে বিৰোধী দলসমূহৰ সৈতে আপে সংসদৰ শীতকালীন অধিৱেশনত বিৰোধী দলৰ নেতা হিচাপে খাৰ্গেৰ দ্বাৰা আহ্বান কৰা এখন বৈঠকত অংশগ্ৰহণ কৰিছিল কেজৰিয়ালে।

কিন্তু ভাৰত জোড়ো যাত্ৰাত দেশৰ ২১ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৰ্গক আমন্ত্ৰণ কৰাৰ বিপৰীতে আপক নিমন্ত্ৰণ নকৰাৰ সন্দৰ্ভত কংগ্ৰেছৰ শেহতীয়া স্থিতিয়ে স্পষ্ট কৰে যে সাম্প্ৰতিক সময়ছোৱাৰ বাবে আম আদমী পাৰ্টিৰ লগতে জেডিএছ আৰু চন্দ্ৰশেখৰ ৰাওৰ পৰা সম দূৰত্ব ৰখাৰ পক্ষপাতী কংগ্ৰেছ ।

Exit mobile version