Promotion List Of Assam Police : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক পদোন্নতি

কে'বাজনো জ্যেষ্ঠ বিষয়াক পদোন্নতি

6cc56282 2d5f 445d b600 4de3048c98ba

Promotion List Of Assam Police :

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কেইবাগৰাকী জ্যেষ্ঠ বিষয়াক পদোন্নতি কৰাৰ জাননী জাৰি কৰে ৰাজ্যৰ গৃহ বিভাগে ৷ সেই অনুসৰি আই পি এছ জিৎমল দলেক আই জি পি পদলৈ পদোন্নতি ৷

আনহাতে নতুন দিল্লীত ডেপুটেশ্যনত থকা আই পি এছ বিষয়া ড: ভি শিৱ প্রসাদ গাঞ্জালাক আই জি পিলৈ পদোন্নতি। অসম আৰক্ষী মধ্য মণ্ডল ৰেঞ্জৰ সহকাৰী উপ- মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাক মহাপৰিদৰ্শক পদলৈ পদোন্নতি।

মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ডি আই জি দেৱজ্যোতি মুখাৰ্জীক আই জি পিলৈ পদোন্নতি।একেদৰে ইণ্টেলিজেন্স ব্যুৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্রীতম পাল সিঙক আই জি পিলৈ পদোন্নতি।

ৰে’লৱে আৰক্ষীত উপ- মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ থকা আবু ছফিয়ানক আই জি পিলৈ পদোন্নতি। আই পি এছ অমনজিৎ কৌৰক এছ পদৰ পৰা পদোন্নতিক্ৰমে ডি আই জিলৈ পদোন্নতি৷মুখ্যমন্ত্রী তদাৰকাৰী শাখাৰ এছ পি নিম্বলকাৰ বৈভৱ চন্দ্রকান্তক পদোন্নতিক্ৰমে আই জি পিলৈ পদোন্নতি ।

আনপিনে চতুৰ্থ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট ৰূপে নিয়োজিত হৈ থকা শিলাদিত্য চেতিয়াক ডি আই জি পদলৈ পদোন্নতি ৷নিয়া’তৰ আৰক্ষী অধীক্ষক ৰূপে কাৰ্যৰত ৰাকেশ ৰৌশনৰ পদোন্নতিক্ৰমে আই পি এছৰ চিলেকচন গ্ৰেডলৈ উন্নীত কৰা হয় ৷ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত আই পি এছ বিষয়া ৰত্না সিঙক পদোন্নতি দিয়া হয় ডি আই জি পদলৈ

Exit mobile version