WHO Recommends Not To Use 2 Indian Cough Syrups : ভাৰতৰ দুটাকৈ কফ ছিৰাপক শিশুৰ বাবে অনুপযোগী ঘোষণা বিশ্ব স্বাস্থ্য সন্থাৰ

দুই ভাৰতীয় কফ ছিৰাপৰ বাবেই উজবেকিস্তানত ১৯টি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ

54a39bff 3f7d 453a b765 d58ccaf85360

WHO Recommends Not To Use 2 Indian Cough Syrups :

ভাৰতৰ দুটা কফ ছীৰাপক লৈ বিশ্ব স্বাস্থ্য সন্থা শেহতীয়াকৈ তৎপৰ হৈ পৰিছে ৷ আনকি কফ চিৰাপক লৈ হাই এলাৰ্ট ঘোষণা হু’ৰ ৷ হু’ৰ দাবী ভাৰতীয় ওষধ উৎপাদন প্ৰতিষ্ঠানত প্ৰস্তুত কৰা কফ চিৰাপত অত্যাধিক পৰিমাণ বিষাক্ত পদাৰ্থ মিশ্ৰিত হৈ আছে ৷

ভাৰতৰ দ্বাৰা প্ৰস্তুত কৰা কফ চিৰাপ দুবিধ হ’ল এমAMBRONOL SYRUP আৰু DOK-1 Max SYRUP । দুয়োবিধ পনীয়া কফ চিৰাপ প্ৰস্তুত কাৰক প্ৰতিষ্ঠানটি হ’ল উত্তৰপ্ৰদেশৰ নয়দাস্থিত MARION BIOTECH।

মনকৰিবলগীয়া যে উজবেকিস্তানত ভাৰতীয় দুইবিধ কফ চিৰাপ সেৱন কৰাৰ পাচতে কে’বাটিও শিশু মৃত্যুমুখত পৰাত হু’ৱে দুইবিধ চিৰাপ ব্যৱহাৰৰ বাবে অনুপযোগী বুলি ঘোষণা কৰে৷

বুধবাৰে বিশ্ব স্বাস্থ্য সন্থাই এক বুলেটিনত কয় যে, চিকিৎসা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত নয়দাৰ মেৰিয়ান বায়’টেকে কোনো ধৰণৰ বিধিগত মানদণ্ড নিৰূপণ নকৰাকৈ বজাৰলৈ উলিয়াই দিয়াৰ লগতে আন আন দেশলৈ প্ৰেৰণ কৰে ৷

কিন্ত পৰৱৰ্তী সময়ত দেখা গৈছে যে এই পনীয়া কফ চিৰাপ সেৱনৰ পাছতে বহু শিশু অসুস্থ হৈ পৰিছে ৷আনকি উজবেকিস্তানত মৃত্যু হৈছে বহু কেইটি শিশু ৷

২২ ডিচেম্বৰত উজবেকিস্তানে অভিযোগ কৰি কয়, নয়দাৰ মেৰিয়ান বায়’টেক কোম্পানীয়ে নিৰ্মিত ঔষধ সেৱন কৰি ১৮টা উজবেকিস্তানৰ শিশুৰ মৃত্যুমুখত পৰে । এই ক্ষেত্ৰত ভাৰতৰ স্বাস্থ্য মন্ত্ৰণালয়ে বিষয়টো গুৰুতৰভাৱে ল’ব লাগে বুলি দাবী কৰে উজবেকিস্তান স্বাস্থ্য বিভাগে ৷

ইয়াৰ পাছতে মঙলবাৰে উত্তৰ প্ৰদেশৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে উজবেকিস্তানৰ অভিযোগ সন্দৰ্ভত তৎপৰ হৈ পৰে ৷

১৮টা উজবেকিস্তানৰ শিশুৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত নয়দাস্থিত মেৰিয়ান বায়’টেক কোম্পানীটোৰ উৎপাদন অনুজ্ঞাপত্ৰ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰে ৷ একেদৰে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বায়’টেকৰ সকলো উৎপাদনত নিষেধাজ্ঞা জাৰি কৰে ৷

Exit mobile version