Women Attack In Nagaon : নগাঁৱত চাঞ্চল্যকৰ ঘটনা

ভাড়াতীয়াই ঘৰৰ গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ

de0c32cb a3f0 4f90 9487 50c87bfda0f9

Women Attack In Nagaon :

নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ভাড়াতীয়াৰ দাৰ ঘাপত গুৰুত্বৰভাৱে আহত ঘৰৰ গৰাকী ৷ এই লোমহৰ্ষক ঘটনা সংঘটিত হয় চহৰ খনৰ সমীপৱৰ্তী খুটিকটীয়া অঞ্চলত ৷ গুৰুত্বৰভাৱে আহত অৱস্থাত স্থানীয় প্ৰতিবেশীয়ে উদ্ধাৰ কৰে মহিলা গৰাকীক ৷

প্ৰাপ্ত বাতৰি অনুসৰি খুটিকটীয়াৰ শেৱালি কলিতা নামৰ বয়োজেষ্ঠা মহিলা গৰাকীক তেওঁৰ ঘৰত ভাড়াতীয়া হিচাপে থকা তিলক ডেকাই তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি হয়বৰগাঁও আৰক্ষী চকীত গোচৰ তৰিছে ৷

উল্লেখ্য যে কিছদিন পূৰ্বে কোনো নথকাৰ সূযোগ লৈ মহিলা গৰাকীৰ ঘৰৰ পৰা চুৰি কৰিছিল এখন চাইকেল ৷ এই সন্দৰ্ভত মহিলা গৰাকীয়ে থানাত অভিযোগ দিয়াত ক্ষুদ্ধ হৈ পৰিছিল তেওঁৰ ভাড়াতীয়া নলবাৰী তিলক ডেকা ৷

যোৱা নিশা মহিলা গৰাকীৰ বাহিৰে ঘৰত কোনো নথকাৰ সূযোগ লৈ তিলক ডেকাই মহিলা গৰাকীক ঘৰৰ ভিতৰতে মুৰ আৰু হাতত দাৰে উপৰ্যুপৰি ঘপিয়াই বাহিৰৰ পৰা তলা মাৰি পলায়ন কৰে ৷

আনহাতে লংকাত থকা মহিলা গৰাকীৰ পুত্ৰই আন দিনৰ দৰে মাকলৈ ফোন কৰি কোনো সুদত্তৰ নোপোৱাত প্ৰতিবেশীক মাকৰ খবৰ ল’বলৈ ঘৰলৈ পঠিয়াই দিয়ে৷কিন্ত বাহিৰৰ পৰা তলামৰা দেখি খিড়িকীৰ ভিতৰলৈ চোৱাত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰি হুলস্থূল কৰে ৷

পাছত ঘটনাৰ খবৰ পাই হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত মহিলা গৰাকীক নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও সংকটজনক অৱস্থাত পুনৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰজু কৰি অভিযুক্ত তিলক ডেকাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷
এই ঘটনাই সমগ্ৰ নগাৱঁতে চাঞ্চল্যৰ সৃষ্টি কৰে ৷

Exit mobile version