Guwahti MV Ganga Vilas:‘এম ভি গংগা বিলাস’ৰ ফ্লেগ অফৰ পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰত বিশেষ অনুষ্ঠান

এমভি গংগা বিলাসৰ ফ্লেগ অফ আৰু ‘উত্তৰ-পূৱ সামুদ্ৰিক দক্ষতা বিকাশ গুৱাহাটী কেন্দ্ৰৰ শুভ উদ্বোধন,অংশগ্ৰহণ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰাজ্যিক জাহাজ আৰু পৰ্যটন মন্ত্ৰীৰ

WhatsApp Image 2023 01 13 at 2.32.28 PM

Guwahti MV Ganga Vilas:

দেশৰ প্ৰথম নদী ক্ৰুজ ‘এম ভি গংগা বিলাস’ৰ শুক্ৰবাৰে ভাৰ্চুৱেলী ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ আজি উত্তৰ প্ৰদেশৰ তীৰ্থ নগৰী বাৰাণসীৰ পৰা গংগা নৈৰ বুকুয়েদি যাত্ৰা আৰম্ভ কৰে ৷‘এম ভি গংগা বিলাস ক্ৰুজ খনে পাঁচখন ৰাজ্যৰ লগতে চুবুৰীয়া দেশ বাংলাদেশৰ মাজেৰে হৈ ডিব্ৰুগড়ত প্ৰৱেশ কৰিব।

প্ৰায় পঞ্চাশদিনীয়া দিনীয়া এই দীঘলীয়া যাত্ৰাত ক্ৰুজখনে অতিক্ৰম কৰিব ২৭ খন নদীৰ মাজেৰে ৷ আজি পুৱা ভাগত দিল্লীৰ পৰা ভাৰ্চুৱেলী দেশৰ প্ৰধানমন্ত্ৰীয়ে ক্ৰুজ খনৰ ফ্লেগ অফ কৰে। ইয়াৰ পাছতে ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰে জাহাজখনে ৷

আনহাতে এম ভি গংগা বিলাস ক্ৰুজ খনৰ বাবে মহানগৰীৰ ঐতিহ্যমণ্ডিত পাণ্ডুৰ জাহাজ মেৰামতি কেন্দ্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এমভি গংগা বিলাসৰ ফ্লেগ অফৰ অনুষ্ঠানত ‘উত্তৰ-পূৱ সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ,গুৱাহাটীৰ শাখাটিৰ লগতে শুভ উদ্বোধনৰ উপৰিও এমএমটি পাণ্ডু আৰু ৰাষ্ট্ৰীয় ঘাইপথ-২৭ সংযোগী এলিভেটেড কৰিডৰো উদ্বোধন কৰা হয় ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,দেশৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক ন অধ্যায়ৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী আজি বিশ্বৰ আটাইতকৈ দীঘল নদীভ্ৰমণ এম ভি গংগা বিলাসৰ শুভাৰম্ভ কৰে।

উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু অসমৰ ডিব্ৰুগড়ৰ মাজত ৩,২০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ৰ এই বৈপ্লৱিক পদক্ষেপে কেৱল অসমৰ পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰাই নহয়, ৰাজ্যৰ ঐতিহ্যবহনকাৰী স্থান যেনে কাজিৰঙা, মা কামাখ্যা মন্দিৰক বিশ্ব পৰ্যটন স্থলী হিচাপে চিহ্নিত কৰিব।

তদুপৰি  প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধনৰ লগতে পাণ্ডুত এটি জাহাজ মেৰামতি কেন্দ্ৰ আৰু পাণ্ডু বন্দৰসমূহক ঘাইপথৰ সৈতে সংযোগ কৰা এলিভেটেড পথসমূহৰ শিলান্যাস কৰে। এই পদক্ষেপসমূহে উত্তৰ-পূবক বিকাশ আৰু প্ৰগতিৰ ইঞ্জিনলৈ ৰূপান্তৰ কৰাৰ সম্ভাৱনীয়তাৰে প্ৰধানমন্ত্ৰীৰ এক্ট ইষ্ট নীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ভাৰ্চুৱেলী এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ বিপৰীতে মহানগৰীৰ পাণ্ডুত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়ক, গুৱাহাটীৰ সাংসদ কুইন ওজা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া সহ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version