Maharashtra Nashik Accident:মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ দুৰ্ঘটনা !

যাত্ৰীবাহী বাছ - ট্ৰাকৰ মুখামুখি সংঘৰ্ষ , থিতাতে নিহত ১০ ,আহত ৪০

WhatsApp Image 2023 01 13 at 4.07.34 PM 2

Maharashtra Nashik Accident:

মহাৰাষ্ট্ৰৰ নাছিকত শুক্ৰবাৰে পুৱাভাগতে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ স’তে মুখামুখি সংঘৰ্ষত নিহত হয় দহজনতকৈ লোক ৷

নাছিক–ছিন্নাৰ পথত এখন যাত্ৰীবাহী বাছ গৈ থকাৰ সময়তে বিপৰীতে ফালৰ পৰা অহা ট্ৰাক এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ফলত থিতাতে মৃত্যুক সাবটি লয় ১০জন লোকে। আনহাতে শোকাৱহ দুৰ্ঘটনাটোত আহত হয় ৪০ জনকৈ যাত্ৰী।

প্ৰাপ্ত খবৰ মতে, বাছখনত থকা যাত্ৰী সকল শিৰডীৰ সাই বাবাৰ দৰ্শনৰ বাবে গৈ আছিল। মৃত সকলৰ ভিতৰত সাতগৰাকী মহিলাৰ বিপৰীতে পুৰুষ আছিল তিনিজন ।

আনহাতে ঘটনাটো সংঘটিত হোৱাৰ পাছতে নাছিকৰ আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি সমীপৰ্ৱতী সাইবাবা হাস্পতালত ভৰ্তি কৰায় ৷ আহত কে’বাজনৰ অৱস্থা সংকটজনক বুলি সদৰি কৰে চিকিৎসকে ৷

ইতিমধ্যে সংকটজনক লোক কেইজনক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰে সাইবাবা চিকিৎসালয়ে ৷

Exit mobile version