Noonmati Asom Jatiya Vidyalaya:নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত’ ভোগালী চ’ৰা ‘ শীৰ্ষক অনুষ্ঠান

WhatsApp Image 2023 01 13 at 8.13.35 PM

Noonmati Asom Jatiya Vidyalaya:

ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিনৰ প্ৰাক্‌ক্ষণত মহানগৰীৰ নুনমাটিস্থ অসম জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰা হয় ‘ভোগালী চ’ৰা’ অনুষ্ঠান ৷

বিদ্যালয়ৰে কেইগৰাকীমান শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰি উলিওৱা মেজি প্ৰতিকী ৰূপত প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷

মেজিৰ জুয়ে যে সকলো অপায়-অমঙ্গল নাশ কৰে সেই কামনাৰে সমস্বৰে হৰিধবনি দি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থী সমন্বিতে নাম-প্ৰসংগ পৰিৱেশন কৰে ৷

ইয়াৰ পাছতেই বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ মাজত ভোগালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা অনুসৰি কণী যুঁজ, টেকেলি ভঙা খেল আদি বিভিন্ন খেল অনুষ্ঠিত হয় ৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে নুনমাটি অসম জাত বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক দোলন বৰা আৰু হিন্দী বিভাগৰ শিক্ষয়িত্ৰী হিমাশ্ৰী ডেকাই ৷

Exit mobile version