Magh Bihu : ভোগালীৰ উৰুকাৰ আকৰ্ষণীয় বজাৰ ,

Magh Bihu : ভোগালীৰ উৰুকাৰ আকৰ্ষণীয় বজাৰ ,

Screenshot 20230114 120804 OneDrive

Magh Bihu :

ভোগৰ নৈ বোৱাই অনা অসমীয়াৰ হেঁপাহৰ এই বিহুটিৰ আজি উৰুকা। চহাৰ পৰা মহানগৰীয়া জীৱনলৈকে সকলোকে ছুই যোৱা বিহুটিক লৈ পৰিৱেশ ইতিমধ্যে উচ্ছল হৈ পৰিছে।

একেবাৰে নিঃকিনজনৰ পৰিয়ালতো সামর্থ্য পৰা অনুযায়ী কৰা হৈছে ভোগৰ আয়োজন। গাঁৱৰ পথাৰৰ ভেলাঘৰৰ মজিয়াত পয়োভৰ ঘটিছে উচ্ছল যৌৱনৰ। কেৱল যৌৱনেই নে, সকলো বয়সৰ লোকৰে আনন্দ-উল্লাহৰ স্থলী হৈ পৰিছে ভেলাঘৰসমূহ।

উজাগৰি নিশা কটাই সকলোৱে মেজিক শেষ পৰশ দিয়াত ব্যস্ত। এই পৰিৱেশৰ মাজতে কাইলৈৰ উৰুকাৰ বাবেও যা-যোগাৰ চলিছে। উৰুকা মানেই মাছে-মঙহে, লগে-ভাগে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে।

সেয়েহে যিসকলে পৰম্পৰা ৰক্ষা কৰি নিজে পুখুৰী, বিলৰ পৰা মাছ মাৰি উৰুকাৰ আয়োজন কৰে, তেওঁলোকেও ডাঙৰতকৈ ডাঙৰ মাছটোহে জালত উঠাটো বিচাৰে। বজাৰৰ পৰাও বিচাৰি বিচাৰি ডাঙৰ মাছটোৰে এচকল কিনাৰ হেঁপাহত সকলোৱে দৌৰ মাৰে।

সেই বাবে উৰুকাত মাছ-মাংসৰ বজাৰে লয় আকর্ষণীয় ৰূপ। তাৰ ব্যতিক্ৰম এইবাৰো স্বাভাৱিকতে হোৱা নাই। আজি উৰুকা । আজিৰ দিনত ৰাজ্যৰ বজাৰ মাছে-মঙহে ভৰি পৰিছে।

এই বজাৰৰ চাহিদা পূৰাবলৈ বহিঃৰাজ্যতো বাদেই বহিঃৰাষ্ট্ৰৰ পৰাও বিধে বিধে মাছ আহিছে। অথচ অসম মৎস্য উৎপাদনত সম্পূৰ্ণ স্বাৱলম্বী হোৱাৰ সকলো সুযোগ আছে।

চৰকাৰেও তাৰ বাবে বিধি আঁচনি গ্ৰহণ কৰি আহিছে; কিন্তু সেই আঁচনিবোৰৰ কাৰ্যকাৰিতা সদায় আধাডুখৰীয়া হৈ ৰৈছে। ৰাজ্য চৰকাৰৰ মীন বিভাগৰ তথ্য অনুসৰি, অসম মীন উন্নয়ন নিগমৰ অধীনত ১৮৫ খন বিল, ৰাজহ বিভাগৰ অধীনত ২৬২ খন ৰাজহ বিল আৰু ১০৭ খন মীন পাম আছে।

তদুপৰি পঞ্চায়ত বিভাগৰ অধীনতো বহু বিল আছে। ইয়াৰ উপৰি বেচৰকাৰী খণ্ডত ৰাজ্যত অগণন খাল, বিল, পুখুৰী, জলাশয় আদি আছে। তদুপৰি বায়’ফ্লকৰ দৰে আধুনিক ব্যৱস্থাৰেও ৰাজ্যত মীন পালন হয়।

চৰকাৰৰ হিচাপ মতে, অসমত ৫,০১,৮০০ টা ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ পুখুৰী আছে। এইবোৰতো মাছ উৎপাদন হয়; কিন্তু চৰকাৰৰ আঁচনিবোৰে এনে পুখুৰীবোৰৰ অধিকাংশকে সঠিকভাৱে স্পৰ্শ কৰিব নোৱৰাত মাছৰ উৎপাদনো সীমিত হৈ আছে।

সেই সুযোগে লৈছে বহিঃৰাষ্ট্ৰ আৰু বহিঃৰাজ্যৰ মৎস্য পালকে। মহানগৰীৰ লখৰাস্থিত ৰাজ্যৰ অন্যতম বৃহৎ মাছৰ পাইকাৰী বজাৰখনৰ তথ্য মতে, কেৱল উৰুকা উপলক্ষে অন্ধ্ৰ প্রদেশ, মধ্য প্রদেশ, বিহাৰ আদি ৰাজ্যৰ পৰা ৪৫ ট্রাক মাছ আমদানি কৰা হৈছে।

প্ৰতিখন ট্ৰাকত তিনিশটাকৈ কার্টন আছে। প্ৰতিটো কাৰ্টনত থকা মাছৰ পৰিমাণ হ’ল ৪০ কিলোগ্রাম। ৰেলযোগেও প্ৰধানকৈ পশ্চিমবংগৰ হাওৰাৰ পৰা আহিছে পাঁচশটা কাৰ্টন ৷ ইয়াৰ উপৰি সুদূৰ ম্যানমাৰৰ পৰা আহিছে এহেজাৰ বাকচ মাছ।

চুবুৰীয়া বাংলাদেশৰ পৰাও আমদানি কৰা হৈছে বৃহৎ পৰিমাণৰ মাছ। বজাৰখনৰ ব্যৱসায়ীৰ হিচাপ মতে, অকল ট্রাকতে আমদানি কৰা মাছৰ পৰিমাণ হ’ল ৫.৪ লাখ কিলোগ্রাম। ৰেলত আহিছে প্রায় ২০ হেজাৰ কিলোগ্রাম মাছ।

ম্যানমাৰৰ পৰা অহা মাছৰ পৰিমাণ ৪০ হেজাৰ কিলোগ্রামতকৈ অধিক। বাংলাদেশৰ পৰাও প্রায় ৪০ হেজাৰ মাছ আহিছে। শুকুৰবাৰে বিয়লিৰ পৰা এই মাছবোৰ অসমৰ বিভিন্ন বজাৰলৈ প্ৰেৰণ আৰম্ভ হৈছে। ইয়াৰ বিপৰীতে থলুৱা মাছেৰেও ৰাজ্যৰ বজাৰ ভৰিছে।

অসমৰ থলুৱা মাছৰ বজাৰখনত বৰপেটা, কামৰূপ, মৰিগাঁও আৰু দৰঙৰ মাছেই অধিক। অৱশ্যে কে’বাজনো মাছ উৎপাদকে আজি ‘দৈনিক অগ্ৰদূত’ক আক্ষেপেৰে কয় যে যোৱা বছৰ জুন-জুলাইত অহা বিধ্বংসী বানে ৰাজ্যৰ মাছৰ ক্ষেত্ৰখনত অভাৱনীয় মাধমাৰ শোধায়।

বানে অধিকাংশ পুখুৰী, বিল আদি তচনচ কৰাত মাছবোৰ ওলাই যোৱাত উৎপাদকসকলে যথেষ্ট লোকচান ভৰে। গতিকে পূৰ্বৰ তুলনাত বহু সীমিত পৰিমাণতহে এইবাৰ পুখুৰী, বিল আদিৰ মাছ উৰুকাৰ বজাৰলৈ আহিছে।

তাৰ বিপৰীতে নদীৰ মাছৰ সংখ্যা অধিক বুলিও কয় উত্তৰ বৰপেটাৰ বিশিষ্ট মীনপালক জাহিৰুল ইছলামে। অকল গুৱাহাটীৰ বজাৰতে আজি অসমত উৎপাদিত মাছৰ ভিতৰত ডাঙৰ আকাৰৰ ভকুৱাৰ প্ৰতি কিলোৰ মূল্য হ’ল ১১শ টকা।

আজি বজাৰৰ চাহিদাৰ ভিত্তিত মূল্যৰ পৰিমাণ অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে উজান বজাৰৰ মাছৰ বজাৰৰ ব্যৱসায়ীসকলে। এইখন বজাৰতে ডাঙৰ আকাৰৰ আৰি মাছৰ প্ৰতি কিলোগ্ৰামৰ মূল্য হ’ল ১১ৰ পৰা ১৩শ টকা।

চিতল মাছৰ মূল্য হ’ল প্রতি কিলোগ্ৰামত আঠশ টকা। ডাঙৰ আকাৰৰ ৰৌমাছৰ মূল্য হ’ল নশৰ পৰা এহেজাৰ টকা। ডাঙৰ আকাৰৰ বৰালী মাছৰ মূল্য হ’ল ১১শ টকা। উল্লেখ্য যে এইখন বজাৰত ২২ কিলোগ্রাম ওজনৰ ভকুৱা মাছ প্রতি কিলোগ্ৰামত ১১ শ টকাকৈ শুকুৰবাৰে বিক্রী হয়।

এই মাছ ব্ৰহ্মপুত্ৰৰ বুলি বিক্রেতাই দাবী কৰে। উল্লেখ্য যে কাইলৈ বজাৰত হ’বলগীয়া ভিৰ আৰু মূল্যও অধিক হোৱাৰ আশংকাত কালিয়ে বহু লোকে মাছ ক্রয় কৰে। ইপিনে, প্রধানকৈ চালানী মাছ বিক্ৰী হোৱা মহানগৰীৰে গণেশগুৰি বজাৰত ১০ কিলোগ্রাম ওজনৰ বাহু মাছৰ মূল্য প্রতি কিলোগ্ৰামত ৬০০ টকা।

বিহাৰৰ পৰা অহা ১০ৰ পৰা ১২ কিলোগ্রাম ওজনৰ আৰি মাছৰ মূল্য হ’ল ১৪শ টকা। ন্যূনতম ১০ কিলোগ্রাম ওজনৰ বৰালী মাছৰ মূল্য হ’ল ১৩শ টকা।

ইপিনে, বাংলাদেশৰ পৰা অহা ইলিছ মাছৰ প্ৰতি কিলোগ্ৰামৰ মূল্য হ’ল ১৫শ টকা। গুৱাহাটীৰ বজাৰত ম্যানমাৰৰ পৰা অহা ৰূপচন্দা মাছৰ আকাৰৰ ভিত্তিত প্রতি কিলোগ্ৰামৰ মূল্য হ’ল ছশৰ পৰা আঠশ টকা। এনে মূল্যৰ সন্দৰ্ভত বজাৰখনৰ ব্যৱসায়ীয়ে মন্তব্য কৰে যে উৰুকাৰ বাবেই তেওঁলোকে ডাঙৰ আকাৰৰ মাছ বিক্ৰীৰ বাবে আনিছে আৰু সেই কাৰণে দামো বাঢ়িছে।

মাংসৰ বজাৰতো দাম বৃদ্ধিৰ প্ৰভাৱ পৰিছে। অভাৱনীয়ভাৱে গুৱাহাটীৰ বজাৰত প্ৰতি কিলোগ্রাম পঠাৰ মাংসৰ মূল্য হ’ল গড়ে এহেজাৰ টকা। এনে মূল্যৰ বাবে এইবাৰ বজাৰত তুলনামূলকভাৱে কম মূল্যৰ খাহীৰ মাংসৰ যোগান বৃদ্ধি হৈছে।

মহানগৰীৰ জটিয়াৰ বহুল পৰিচিত ‘খোকা মিট শ্বপ’ৰ ব্যৱসায়ীসকলে জনায় যে খাহীৰ মাংস প্রতি কিলোগ্ৰামত উৰুকাৰ বজাৰত ৭৫০ টকাকৈ বিক্ৰী হৈছে। খাহীৰ মাংসৰ চাহিদা যথেষ্ট বৃদ্ধি হোৱা বুলিও ব্যৱসায়ীসকলে জানিবলৈ দিয়ে। আনহাতে, লোকেল মুৰ্গীৰ প্ৰতি কিলোৰ মূল্য হ’ল ৪৫০ টকা। হাঁহ একোটাৰ মূল্য ৭০০ৰ পৰা ৭৫০ টকা।

Exit mobile version