Philippines : ফিলিপাইনছত প্ৰতি কিলো পিয়াঁজৰ মূল্য ৯০০ টকা হ’ল 

DA to keenly monitor prodn import of onion Jan22

Philippines :

নিত্য ব্যৱহাৰ্য পাচলি পিয়াঁজৰ অত্যধিক মূল্যবৃদ্ধিয়ে সমস্যাগ্রস্ত কৰিছে ফিলিপাইনছবাসীক। দেশখনৰ বজাৰত সম্প্রতি প্রতি কিলো পিয়াঁজৰ মূল্য ৯০০ টকা হৈছে।

 

ফিলিপাইনছত কুকুৰাৰ মাংসতকৈ পিয়াঁজৰ মূল্য তিনিগুণ অধিক হ’ল। সম্প্রতি দেশখনৰ বজাৰত প্রতি কিলোগ্রাম কুকুৰাৰ মাংস ৩২৫ টকাত বৃদ্ধি হৈছে।

 

অত্যধিক মূল্যবৃদ্ধিৰ ফলত দেশখনত পিয়াঁজৰ চোৰাং ব্যৱসায়ো বৃদ্ধি পাইছে। তিনিদিন পূর্বে শুল্ক বিভাগে তিনি কোটি টকা মূল্যৰ চোৰাং পিয়াঁজ জব্দ কৰিছে।

 

ফিলিপাইনছত প্ৰতি মাহে গড়ে ২০ হেজাৰ মেট্রিকটন পিয়াঁজৰ প্ৰয়োজন হৈছে। যোৱা বছৰত দেশখনত হোৱা প্ৰতিকূল বতৰৰ ফলত পিয়াঁজৰ খেতি নষ্ট হোৱাত এইবিধ পাচলিৰ মূল্য ১৪ বছৰৰ পাছত সৰ্বাধিক হ’ল।

Exit mobile version