Strike : ১৮ দিন ধৰ্মঘটৰ সিদ্ধান্ত ৭০ হেজাৰ অধ্যাপকৰ

1668051713 money

Strike :

 

ব্ৰিটেইনৰ ১৫০খন বিশ্ববিদ্যালয়ৰ ৭০ হাজাৰৰো অধিক অধ্যাপকে দৰমহা বৃদ্ধি, অৱসৰৰ ভাট্টা আৰু কৰ্মক্ষেত্ৰত অন্যান্য সা-সুবিধাৰ দাবীত ১৮ দিনৰ বাবে ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা সপ্তাহৰ ভিতৰত এই ধৰ্মঘটৰ কথা ঘোষণা কৰা হ’ব বুলি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সংঘই জানিবলৈ দিয়ে।

মুদ্ৰাস্ফীতিৰ সমান্তৰালকৈ বিগত বছৰৰ পৰা বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ মাজত অসন্তুষ্টি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

অস্থায়ী চাকৰিৰ সংখ্যা হ্ৰাস কৰিব লাগে বুলি সংগঠনটোৰ অধ্যাপক, প্ৰশিক্ষক আৰু অন্যান্য সদস্যসকলে দাবী জনাইছে। দৰমহা আৰু অৱসৰৰ ভাট্টা বৃদ্ধি কৰিব লাগে।

বুধবাৰে ‘বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় নিয়োগকৰ্তা সন্থা’ই জনোৱা মতে, দৰমহা ৪ৰ পৰা ৫ শতাংশ বৃদ্ধি কৰা হ’ব।

অৱশ্যে, ইউচিইউ এই প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ সাজু নহয়। সংগঠনটোৰ সাধাৰণ সম্পাদক জো গ্ৰেডীয়ে কয়, “বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে গোটেই জীৱন নিষ্ঠাৰে কাম কৰে। কিন্তু প্ৰাপ্য খিনি নাপাই।

যদি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যসকলে স্থায়ী চাকৰি দিয়া, দৰমহা আৰু অৱসৰৰ ভাট্টা বৃদ্ধি কৰাৰ ওপৰত মন দিয়ে, তেন্তে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ কাম ভালদৰে কৰা সম্ভৱ। তেওঁ কয়, “যদি দৰমহা বৃদ্ধি কৰা নহয়, অনাগত দিনত অসন্তুষ্টি বৃদ্ধি পাব।”

Exit mobile version