Taliban : পুৰুষ চিকিৎসকৰ সেৱা গ্ৰহণ কৰিব নোৱাৰিব মহিলাই,তালিবানৰ নিষেধাজ্ঞা 

202109afghanistan women shelter closing

Taliban:

ADVERTISEMENT

এইবাৰ আফগানিস্তানৰ তালিবান শাসকে মহিলাৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপ কৰিলে।

আফগান মহিলাই এতিয়াৰে পৰা পুৰুষ চিকিৎসকৰ সেৱা গ্ৰহণ কৰিব নোৱাৰিব।

তালিবানে এক নির্দেশনা জাৰি কৰি ঘোষণা কৰা অনুসৰি আফগান মহিলাই এতিয়াৰে পৰা পুৰুষ চিকিৎসকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰিলে।

আফগান মহিলাই কেৱল মহিলা চিকিৎসকহে সেৱা গ্ৰহণ কৰিব লাগিব। উল্লেখ্য যে মহিলাৰ উচ্চশিক্ষা ইতিমধ্যে তালিবানে বন্ধ কৰাৰ ফলত দেশখনত আগন্তুক দিনত মহিলাই চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী গ্ৰহণ কৰা বুলিও অসম্ভৱ হৈছে।

এনে পৰিস্থিতিত তালিবান শাসকে পুৰুষ চিকিৎসকৰ সেৱা গ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাত স্বাভাৱিকতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Exit mobile version