A Pair Of Shoes: মৰ্মান্তিক !  এযোৰ জোতাৰ বাবেই চৰম সিদ্ধান্ত ১৩ বছৰীয়া কণমানি ছাত্ৰীৰ

WhatsApp Image 2023 01 16 at 9.27.58 PM 1

A Pair Of Shoes:
এযোৰ সাধাৰণ জোতাৰ বাবেই এগৰাকী ১৩ বছৰীয়া ছাত্ৰীয়ে কৰিলে আত্মহত্যা । এই মৰ্মান্তিক ঘটনা সংঘটিত হয় মৰিগাঁও জিলাৰ লাহৰীঘাটত । বিহুৰ আনন্দ-উচাহৰ মাজতেই সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ৰজা গাধোৱা গাঁৱৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক আজি শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাত দেখি পৰিয়ালৰ লোকে ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ছাত্ৰী গৰাকীয়ে দেউতাকক এযোৰ জোতা বিচাৰিছিল আৰু জোতা যোৰ কিনি নিদিয়াৰ বাবেই এনে চৰম সিদ্ধান্ত লয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

মৃত ছাত্ৰী গৰাকী লাহৰীঘাটৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়নৰত আছিল। পৰৱৰ্তী সময়ত লাহৰীঘাট চিকিৎসালয়লত চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাছু আৰু লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ঘটনাটো সন্দৰ্ভত বুজ লৈ ছাত্ৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Exit mobile version