Silpi Pension :ৰাজ্য চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা

সংবাদমেলত ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ,৫০গৰাকী শিল্পীলৈ পেঞ্চন

WhatsApp Image 2023 01 16 at 4.58.21 PM

Silpi Pension :

ৰাজ্য চৰকাৰে প্ৰতিবৰ্ষত কলা,সংস্কৃতি,সংগীত ক্ষেত্ৰলৈ উল্লেখনীয় বৰঙনি আগবঢ়োৱা শিল্পী সকলৰ বাবে ২০২২-২৩ত লাভ কৰা শিল্পী বঁটা প্ৰাপক সকলৰ নাম সোমবাৰে ঘোষণা কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে প্ৰথিতযশা শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ । একেদৰে নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হৈছে জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ। আনহাতে ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা আগবঢ়োৱা হৈছে আন এগৰাকী বিশিষ্ট অভিনেতা অৰুণ নাথক। বিজু ফুকন বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক।

উল্লেখ্য যে ২০২২ – ২৩ বৰ্ষৰ বাবে ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ শিল্পী পেঞ্চন আগবঢ়াব ৰাজ্য চৰকাৰে । কলা,সংস্কৃতি,সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২২ – ২৩ বৰ্ষৰ বাবে শিল্পী পেঞ্চন লাভ কৰা শিল্পীসকল হ’ল ক্ৰমে:

১/ক্ষিতীশ চন্দ্ৰ শৰ্মা ( ভ্ৰাম্যমাণ থিয়েটাৰৰ আলোক শিল্পী, বজালী )
২/ প্ৰমোদ চন্দ্ৰ ৰয় ( ভ্ৰাম্যমাণৰ, বজালী )
৩/মনোজ শৰ্মা ( ভ্ৰাম্যমাণৰ শিল্পী)
৪/ নৰেন ৰাজবংশী ( যাত্ৰাৰ নৃত্য শিল্পী, বাক্সা )
৫/ মানিক সিং ৰয় ( ভ্ৰাম্যমাণ থিয়েটাৰ দলত বাঁহী বাদক, বঙাইগাঁও )
৬/গীতেশ ৰঞ্জন নাথ ( নাটকৰ শিল্পী, কাছাৰ )
৭/ অৰুন্ধতি আদিত্য ( গায়িকা, কাছাৰ )
৮/ ৰত্নেশ্বৰ বৰা ( শুকনানী ওজাপালি, দৰং)
৯/ ইছাৰাম বৰুৱা ( ব্যাস ওজা, দৰং )
১০/ প্ৰফুল্ল নাথ (ঢেপাঢোল, শুকনানী ওজা, দৰং)
১১) প্ৰতাপ চন্দ্ৰ শৰ্মা ( ব্যাস ওজাপালি, দৰং)
১২/ বিপিন ৰাজখোৱা ( সত্ৰীয়া নৃত্য, ধেমাজি )
১৩/ ধীৰেন্দ্ৰ নাথ পল ( টেৰাকোটা, ধুবুৰী)
১৪) হিতেশ্বৰ হাজৰিকা ( ঢুলীয়া ওজা, গোলাঘাট)
১৫/ ৰবীন চেতিয়া ( চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, গোলাঘাট )
১৬/ তৰুণ চন্দ্ৰ গোস্বামী ( সত্ৰীয়া নৃত্য, যোৰহাট )
১৭/সন্ধ্যা দেৱী ( গায়িকা, যোৰহাট)
১৮/ অমিতাভ বৰদলৈ ( ভাওনা, যোৰহাট )
১৯/ থানেশ্বৰ ডাউকা ( নাগাৰা নাম, কামৰূপ গ্ৰাম্য )
২০/ সত্য নাথ ভৰালী ( পিতল শিল্পী, কামৰূপ গ্ৰাম্য )
২১/সুৰেন দাস ( যাত্ৰা পাৰ্টি, কামৰূপ )
২২/ ব্ৰজেন বৰা ( চলচ্চিত্ৰ অভিনেতা-পৰিচালক, কামৰূপ মহানগৰ )
২৩/ দিলীপ মজুমদাৰ ( ঢোলক বাদক, কামৰূপ মহানগৰ )
২৪/ জীতেন্দ্ৰ বৈশ্য ( তবলা বাদক, কণ্ঠশিল্পী, কামৰূপ মহানগৰ)
২৫/ তৰুলতা দাস ( কণ্ঠশিল্পী, কামৰূপ মহানগৰ)
২৬/নুৰুদ্দিন আহমেদ ( কলা নিৰ্দেশক, ভাস্কৰ্য শিল্পী, কামৰূপ মহানগৰ )
২৭/ ৰীতা দাস ( কণ্ঠশিল্পী, কামৰূপ মহানগৰ )
২৮/ দীপক কুমাৰ দত্ত ( চলচ্চিত্ৰ নিৰ্মাতা, কামৰূপ মহানগৰ )
২৯/ নিজৰা মজুমদাৰ ( অভিনয়-লেখিকা, কামৰূপ মহানগৰ )
৩০/ হৰি শইকীয়া ( বাহ বেতৰ শিল্পী, মাজুলী)
৩১/ প্ৰফুল্ল বৰা ( সত্ৰীয়া সংস্কৃতি, মাজুলী )
৩২/ মালভোগ নাথ ( সত্ৰীয়া সংস্কৃতি – লোক সংগীত, মাজুলী )
৩৩/ পদ্ম বায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী )
৩৪/ বাপ কুমাৰ বায়ন ( বায়ন, মাজুলী )
৩৫/ লীলাৰাম দত্ত গায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী)
৩৬/ নৰেশ বিশ্বাস ( ভাস্কৰ্য শিল্পী, মৰিগাঁও )
৩৭/ গিৰিধৰ সেনাপতি ( পুতলা নাচৰ শিল্পী, নগাঁও )
৩৮/ মহেন্দ্ৰ বৰা ( ঢোল বাদক, নগাঁও )
৩৯/হৰি প্ৰসাদ মহন্ত ( ভাওনা-বিহু, নগাঁও)
৪০/ চিত্ৰদেৱ মহন্ত ( সংগীত, নগাঁও )
৪১/ হৰেণ হাজৰিকা ( অভিনয়-লেখক, নগাঁও )
৪২/ ভদ্ৰেশ্বৰ পাঠক ( ড্ৰেছ মাষ্টাৰ-ভ্ৰাম্যমাণ থিয়েটাৰ, নলবাৰী)
৪৩/ গোবিন সন্দিকৈ ( লোক শিল্পী, শিৱসাগৰ )
৪৪/ বিশ্ব শইকীয়া ( খোল বাদ্য-ভ্ৰাম্যমাণ থিয়েটাৰ, শিৱসাগৰ )
৪৫/ মধুৰাম মোডী ( ঝুমুৰ শিল্পী, শিৱসাগৰ )
৪৬/ বাপ চন্দ্ৰ দত্ত ( গায়ন বায়ন-ঢোল বাদক-অভিনেতা, শিৱসাগৰ)
৪৭/বিপিন চন্দ্ৰ হাজৰিকা ( ভাওনা-নাটক, শিৱসাগৰ)
৪৮/ জয় চন্দ্ৰ নাথ ( ভাওনা, শোণিতপুৰ )
৪৯/ দেবেন পাঠক ( লোকগীতৰ শিল্পী, তামুলপুৰ)
৫০/ প্ৰফুল্ল ৰুদ্ৰপল ( অভিনেতা, তামুলপুৰ)

মঙলবাৰে শিল্পী দিৱসৰ দিনা ৰাজ্য চৰকাৰে ২০২১-২২ শিল্পী বঁটাসমূহ প্ৰদান কৰিব বুলি সংবাদমেলত সদৰি কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ।

Exit mobile version