Drugs Seized In Karimgang:
কৰিমগঞ্জ চহৰৰ সমীপৰ বাগৰগুল চেক পইণ্টত আৰক্ষীয়ে মঙলবাৰে এখন বাহনৰ পৰা বিপুল পৰিমাণৰ নিচা জাতীয় ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰে এগৰাকী ব্যাক্তিক ।
ADVERTISEMENT
কৰিমগঞ্জ জিলা আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই কয় যে, জব্দ কৰা ইয়াবা টেবলেট সমূহৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫০ কোটি টকা। মিজোৰামৰ পৰা অহা এখন বাহনৰ পৰা কেইবাটাও পেকেটত ৭.৬ লাখ ইয়াবা টেবলেট জব্দ কৰে ।
সম্প্ৰতি সৰবৰাহকাৰীটোক সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷