Error in CM’s greeting message:ৰাজ্য চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ !

মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক বাৰ্তাত মৃত্যুৰ তাৰিখক জন্মদিন বুলি উল্লেখ

WhatsApp Image 2023 01 17 at 2.16.58 PM

Error in CM’s greeting message:

আজি শিল্পী দিৱস ৷ প্ৰথম অসমীয়া কথাছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰণ ৷ এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পী দিৱসৰ মাজেৰে সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক সোঁৱৰণ কৰিছে।

কিন্ত ৰাজ্য চৰকাৰে শিল্পী দিৱসত ৰূপকোঁৱৰক কৰিলে ঘোৰ অপমান । ১৭ জানুৱাৰী জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি নে জন্ম দিৱস?

অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ । শিল্পী দিৱসত চৰকাৰী বিজ্ঞাপনত কৰা হৈছে ভয়ংকৰ ভুল । ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসত উদযাপন কৰা হয় শিল্পী দিৱস।

অসম চৰকাৰে শিল্পী দিৱসৰ উপলক্ষে প্ৰকাশ কৰা এক বিজ্ঞাপনত মুখ্যমন্ত্ৰীৰ শুভেচ্ছামুলক বাৰ্তাত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ সলনি জন্ম দিন বুলি উল্লেখ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

বিজ্ঞাপনটোত এনে ভুলে জনসংযোগ বিভাগত একপ্ৰকাৰ হাহাকাৰ লগাইছে । স্বয়ং মুখ্যমন্ত্ৰী আৰু জনসংযোগ বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰীৰ নিৰ্দেশত এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে বিভাগটোৰ শীৰ্ষ বিষয়াই গ্ৰহণ কৰিছে যাবতীয় পদক্ষেপ ।

উল্লেখযোগ্য যে এই বিজ্ঞাপন প্ৰস্তূত কৰাৰ দায়িত্বত থকা বিভা কলিতা নামৰ এগৰাকী বিষয়া আৰু আন এগৰাকী জনসংযোগৰ কৰ্মচাৰীক ইতিমধ্যেই কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে ।

Exit mobile version