Rhino:মালয়বাৰীত গড়ৰ মুক্ত বিচৰণ

আতংকিত গঞা , গড়ৰ আক্ৰমণত আহত এজন

WhatsApp Image 2023 01 17 at 7.37.40 PM

Rhino:

পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এজনী প্ৰাপ্তবয়স্ক গড়ে আজি পুৱাৰে পৰা ক্ষেত্ৰীৰ নিকটৱৰ্তী মালয়বাৰীৰ বৰঘূলিত মুক্ত ভাবে বিচৰণ কৰাক লৈ অঞ্চলজুৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰে।

জানিব পৰা মতে পুৱা চাৰি বজাতে কলং নৈ পাৰ হৈ বৰঘূলিৰ পথাৰত গড়টো বিচৰণ কৰি থকা প্ৰতক্ষ্য কৰে স্থানীয় ৰাইজে। পাছত ৰাইজে গড়ৰ অৱস্থিতিৰ বিষয়ে বনবিভাগক অৱগত কৰাত ঘটনাস্থলীত পৃথকে পৃথকে সোণাপুৰ বন বিভাগ আৰু পবিতৰা অভয়াৰণ্যৰ দল উপস্থিত হয়।

ইখন পথাৰৰ পৰা সিখন পথাৰলৈ ঢপলিয়াই ফুৰা গড়টোক খেদিবলৈ বনকৰ্মীসকলেও ত্ৰাহি মধুসুদন সুঁৱৰিব লগাত পৰে। অৱশেষত দিন জোৰা উৎকণ্ঠাৰ অন্তত পবিতৰা অভয়াৰণ্যৰ পৰা অনা তিনিটা হাতীৰ সহায়ত বনবিভাগৰ দলটোৱে বিয়লি প্ৰায় চাৰিবজাত গড়জনীক পবিতৰা অভয়াৰণ্যলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হয়।

ইফালে গঁড়টোৰ আক্ৰমণত প্ৰাত: ভ্ৰমণলৈ ওলাই অহা লোহিত দাস নামৰ লোকজন কিছু পৰিমানে আহত হ’য়। লোকজনক ততাতৈয়াকৈ সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Exit mobile version