Indian Passport Power:  ভাৰতীয় পাছপোৰ্টৰ স’তে ভিছা অবিহনে ভ্ৰমণ কৰক এই দেশবোৰ

৫৯ খন দেশত ভিছা অবিহনে প্ৰৱেশ কৰিব পাৰি

WhatsApp Image 2023 01 18 at 5.54.15 PM

Indian Passport Power:

আপুনি জানেনে আপোনাৰ হাতত থকা পাৰ্চপোট খনৰে পৃথিৱীৰ ৫০ খনৰো অধিক দেশ ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰি ৷ কোনো বাধা অবিহনে নিৰ্ভয়ে দেশ কেইখন ভ্ৰমণ কৰিব পাৰে ৷

ভাৰতীয় পাছপোৰ্টৰ দ্বাৰা ৫৯ টা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ ভিছা-মুক্ত ভ্ৰমণৰ অনুমতি দিয়া হৈছে ৷

উল্লেখ্য যে ,২০২৩ চনৰ বাবে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট ৰেংকিঙত ৮৫ সংখ্যক স্থানত আছে ভাৰত।
যদিও এনে বহুতো দেশ আছে য’ত আপুনি ভাৰতীয় পাছপোৰ্টৰ সহায়ত ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে ৷

এই তালিকাত ছাৰ্বিয়াকো অন্তভুৰ্ক্ত কৰা হৈছে । সৌন্দৰ্যাৰাণী ৰূপে খ্যাত ছাৰ্বিয়াৰ কোপানিক ৰাষ্ট্ৰীয় উদ্যানত আপুনি স্কিয়াৰ আৰু স্নোব’ৰ্ডাৰৰ সৈতে হাইকিং দুঃসাহসিক অভিযানো কৰিব পাৰে।

 দেশখনে শীতকালত স্কিয়াৰ আৰু স্নোব’ৰ্ডাৰ আৰু বছৰটোৰ বাকী সময়ত হাইকাৰ আৰু মাউণ্টেইন বাইকাৰসকলক বাৰুকৈয়ে আকৰ্ষিত কৰি আহিছে।

ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ মৰিচাছক ভ্ৰমণকাৰী আৰু পৰ্যটকৰ স্বৰ্গ বুলি কোৱা হয় তেন্তে এইয়া অত্যুক্তি কোৱা নহ’ব । ভিছা অবিহনেই আপুনি ভাৰত মহাসাগৰৰ মাজত থকা এই দেশখন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে।

এই দ্বীপৰ চামৰেইল সমভূমি, যাক সাত ৰঙৰ পৃথিৱী বুলিও কোৱা হয়৷ আপোনাৰ চকুক জীৱনজোৰা সান্ত্বনা দিব যিটো আপুনি বাৰে বাৰে চাব বিচাৰিব। লগতে পৰ্যটকসকলে মৰিচাছৰ পানীৰ তলত সামুদ্ৰিক জীৱন অন্বেষণ কৰিবলৈও যাব পাৰিব ।

আনহাতে দক্ষিণ এছিয়াৰ পৰ্বতীয়া ৰাষ্ট্ৰ ভূটানে উত্তৰে চীনৰ সৈতে আৰু পূব, পশ্চিম আৰু দক্ষিণ দিশত ভাৰতৰ সৈতে ইয়াৰ সীমান্ত আছে ।

যদি আপুনি শান্তি আৰু সতেজ বায়ু বিচাৰিছে তেন্তে হিমালয়ৰ পাদদেশৰ পূব প্ৰান্তত অৱস্থিত ‘ভূটান ‘ হৈছে এক আদৰ্শ বাসস্থান।

ভূটানৰ বৌদ্ধবিহাৰ দৰ্শন কৰিবলৈ বহুলোক আহে। ভূটানৰ দুই-তৃতীয়াংশতকৈও অধিক নাগৰিকেই বৌদ্ধধৰ্মী হোৱাৰ বিপৰীতে প্ৰায় এক-তৃতীয়াংশই হিন্দু ধৰ্মী ৷ যি হৈছে ভূটানৰ দ্বিতীয় আটাইতকৈ প্ৰভাৱশালী ধৰ্ম।

ইণ্ডোনেছিয়া হৈছে প্ৰাচীন সমুদ্ৰ তীৰ, শান্ত দ্বীপসমূহৰ জীৱন্ত জনজাতি আৰু তেওঁলোকৰ সাংস্কৃতিক ৰীতি- নীতিৰে উপহাৰ দিয়াৰ বাবে এক উৎকৃষ্ট স্থান। আপুনি ভাৰতীয় পাছপোৰ্টৰ জৰিয়তে পোনপটীয়াকৈ দেশখনলৈ আহিব পাৰে।

এই দেশৰ অভাৰৱাটাৰ ভিলাবোৰ ইমান ৰোমান্টিক যে ইণ্ডোনেছিয়াৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ এখন তালিকা তৈয়াৰ কৰোঁতে সেইবোৰ পাহৰি যোৱাৰ কোনো উপায় নাই।

থাইলেণ্ড যাক ৱৰ্ল্ড পেৰাডাইজ বুলি জনা যায় ৷ প্ৰতিজন পৰ্যটকৰ বাবে এক আকাংক্ষা আছে। ভাৰতীয় পাছপোৰ্টৰ জৰিয়তে দেশখনৰ ভ্ৰমণৰ সময়ত এয়াৰপৰ্টতে ভিছাৰ সুবিধাৰে আপুনি দেশখনত উপস্থিত হ’ব পাৰিব ৷

থাইলেণ্ড এনে এখন দেশ য’ত প্ৰতিজন পৰ্যটকেই দেখি আনন্দিত হ’ব সেয়া হ’ল ফি ফি দ্বীপ। দ্বীপটো ইয়াৰ বগা সমুদ্ৰ তীৰ আৰু পৰিষ্কাৰ নীলা পানীৰ বাবে বিশ্ববিখ্যাত ।

অবিশ্বাস্য সৌন্দৰ্য আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰে আশীৰ্বাদপ্ৰাপ্ত মালদ্বীপতো এয়াৰপৰ্টত উপস্থিত হোৱাৰ সময়তে ভিছা লাভ কৰি ভ্ৰমণ কৰিব পাৰিব ৷

১২০০ টা সৰু-বৰ দ্বীপৰ সমষ্টি আৰু ২৬ টা এটোলৰ সৈতে এই দ্বীপ ৰাষ্ট্ৰ খনে ইয়াৰ নীলা সাগৰ, চকচকীয়া-বালিময় সমুদ্ৰ তীৰ, দৰ্শনীয় শিল আৰু বিভিন্ন ধৰণৰ পানীৰ ক্ৰীড়াৰ বাবে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলৰ সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু

মালদ্বীপৰ বাহিৰেও ভাৰতীয় পাছপোৰ্টে শ্ৰীলংকা, মৌৰিতানিয়া, মাদাগাস্কাৰ, কেনিয়া, জৰ্ডান, লাওছ, ইথিওপিয়া, চেচেলছ, চোমালিয়া, তাঞ্জানিয়াকে ধৰি আন কেইবাডজন দেশত উপস্থিত হোৱাৰ লগে লগে লাভ কৰিব পাৰি ভিছা ৷

সেয়েহে সময় সুবিধা পালে আপুনি আপোনাৰ ভাৰতীয় পাছপোৰ্ট খনৰে এবাৰ হ’লেও দেশ কেইখন ভ্ৰমণ কৰিব পাৰে ৷

Exit mobile version