Three State Election Date Declear:উত্তৰ – পুৰ্বৰ তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

WhatsApp Image 2023 01 18 at 3.39.29 PM

Three State Election Date Declear:

উত্তৰ-পুৰ্বৰ তিনি পাৰ্বত্য ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা । নতুন দিল্লীস্থ দেশৰ নিৰ্বাচন আয়োগৰ সদৰ কাৰ্যালয়ত আজি আবেলি অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে ত্ৰিপুৰা,মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ তাৰিখ সদৰি কৰে ৷

সেই অনুসৰি ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত হোৱাৰ বিপৰীতে মেঘালয় আৰু নাগালেণ্ডত অনুষ্ঠিত হ’ব ২৭ ফেব্ৰুৱাৰীত ৷ তিনিও ৰাজ্যৰ ভোট গণনা হ’ব দুই মাৰ্চত। তিনি ৰাজ্যৰ বিধানসভাৰ পাঁচবছৰীয়া কাৰ্যকাত অন্ত পৰিব ফেব্ৰুৱাৰীত ৷

উল্লেখ্য যে,মেঘালয়ত আছে কনাৰড চাংমা নেতৃত্বাধীন এন পি পি চৰকাৰ ৷ চৰকাৰত সহযোগী দল হিচাপে আছে বিজেপি ৷ আনহাতে ত্ৰিপুৰাৰ শাসনত আছে বিজেপি ৷ সহযোগী পাৰ্টনাৰ হিচাপে আছে আঞ্চলিক দল আই পি এফ টি ৷ নাগালেণ্ডৰ শাসনত থকা এন ডি পি পি দলৰ সহযোগী হিচাপে অংশীদাৰ হৈ আছে বিজেপি ৷

Exit mobile version